দিল্লীৰ ৰোহিণী ক’ৰ্টত ভয়ংকৰ গুলীচালনা , গগী গেঙৰ মুৰব্বীৰ মৃত্যু

201

দিল্লীৰ ৰোহিণী ক’ৰ্টত ভয়ংকৰ গুলীচালনা , গগী গেঙৰ মুৰব্বীৰ মৃত্যু

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৪ ছেপ্টেম্বৰঃ দেশৰ ৰাজধানী দিল্লীৰ ৰোহিণী ক’ৰ্টত আচামীক হাজিৰ কৰোৱাৰ সময়তে সংঘটিত হয় ভয়ংকৰ গুলীচালনা ৷ গুলীচালনাত গগী গেঙৰ মুৰব্বী জিতেন্দ্ৰ গগীৰ মৃত্যু হয় । এই ঘটনাত আৰক্ষীয়ে আক্ৰমণকাৰী দুই দুৰ্বৃত্তকো গুলীয়াই হত্যা কৰে । আনহাতে , গুলীচালনাৰ ঘটনাত ৰোহিণী ক’ৰ্ট চৌহদত সৃষ্টি হয় তীব্ৰ আতংকৰ । জানিব পৰা মতে,অধিবক্তাৰ পোছাকত অহা দুই দুৰ্বৃত্তই দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গগীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় গগী । লগে-লগে গগীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও অৱশেষত মৃত্যুক সাবটি লয় । আনহাতে,ক’ৰ্ট চৌহদত আক্ৰমণ কৰা দুৰ্বৃত্তলৈ আৰক্ষীয়ে গুলীচালনা কৰাত ৫০ হাজাৰ পুৰস্কাৰ ধাৰ্য কৰা ৰাহুলসহ আন এটা দুৰ্বৃত্ত নিহত হয় । আৰক্ষীৰ মতে,এই আক্ৰমণ ক’ৰ্টৰ ৰুম নং ২০৭ ৰ ভিতৰত হয় । য’ত গগীক হাজিৰ কৰোৱা হৈছিল । আক্ৰমণকাৰী পূৰ্বৰে পৰা অধিবক্তাৰ পোছাকত খাপ পিটি আছিল । গগীক আৰক্ষীয়ে ভিতৰলৈ লৈ যোৱাৰ লগে-লগে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । আৰক্ষীয়েও লগে-লগে গুলীৰে প্ৰত্যুত্তৰ দিয়াত থিতাতে নিহত হয় দুই আক্ৰমণকাৰী । উল্লেখযোগ্য যে , নিহত গগী এজন কুখ্যাত অপৰাধী আছিল । গগীৰ ওপৰত হত্যা , বলপূৰ্বক ধনদাবী আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ দৰে বহু কেইটা গোচৰ আছে বুলি জানিব পৰা গৈছে । গগীক বিগত বৰ্ষত দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামত গ্ৰেপ্তাৰো কৰিছিল।