অশুভ শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ সকীয়নি বিপ্লৱ কুমাৰ দেৱৰ ,ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত শৰৎকালীন বিধানসভা অধিৱেশনত তথ্য প্ৰকশ
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৫ ছেপ্টেম্বৰ : ৰাজ্যত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰাসকললৈ সকীয়নি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰাৰ বাবে চেষ্টা কৰি থকা অশুভ শক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে । চলিত মাহৰ আৰম্ভণিতে ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰসংগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে , আৰক্ষীয়ে সকলো গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ত্ৰিপুৰা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে,শেহতীয়াকৈ, ৰাজ্যখনৰ ৬ খন জিলাত ৰাজনৈতিক হিংসা সম্পৰ্কীয় কেইবাটাও ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত মুঠ ৪২ টা গোচৰ ৰুজু কৰা হৈছে । চিপিআইএম দলে ২৫ খন এজাহাৰ দাখিল কৰিছিল । বিজেপিয়ে সাতখন এজাহাৰ দাখিল কৰিছিল আৰু আঠটা গোচৰ নিজাববীয়াকৈ লোৱা হৈছে আৰু বাকী দুটা গোচৰ দুটা সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকে দাখিল কৰিছিল । মুঠ ৰুজু হোৱা ৪২ টা গোচৰৰ ভিচৰত ৪১ টা গোচৰৰ তদন্ত আৰক্ষীয়ে চলাই আছে আৰু আন এটা গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ শাখাক অৰ্পণ কৰা হৈছে । হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে প্ৰায় ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৯৫ জন লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে । তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে সন্দেহ প্ৰকাশ কৰে যে, ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱা দেখি একাংশ অপশক্তিয়ে ৰাজ্যখনত অশান্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে । লগতে তেওঁ ত্ৰিপুৰাৰ ভাৱমূৰ্তি বিনষ্ট নকৰিবলৈ সকলোকে আহ্বান জনায় ।