চৰাইদেউত চলিছে ভূ-মাফিয়াৰ দপদপনি , অবৈধ ভাৱে পাহাৰ খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায় , কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

215

চৰাইদেউত চলিছে ভূ-মাফিয়াৰ দপদপনি , অবৈধ ভাৱে পাহাৰ খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায় , কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নৱজ্যোতি টিপমীয়া,চৰাইদেউ ,২৫ ছেপ্তেম্বৰঃ যিটো সময়ত ৰাজ্য চৰকাৰে মাটিৰ দালাল তথা ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে , সেই সময়তে চৰাইদেউৰ অসম অৰুণাচল সীমান্তৰ চৰাইপুঙত ভূ মাফিয়াই তাণ্ডৱ অব্যাহত ৰাখিছে । মুলত ভূ মাফিয়াৰ দলটোৱে বিভিন্ন পক্ষক মেনেজ কৰি চৰাইপুং অঞ্চলৰ বৃহৎ বৃহৎ পাহাৰ কাটি বিমলাপুৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ সন্মুখেদিয়েই ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰিছে মাটি । জেচিবিৰে ভূ মাফিয়াই প্ৰতি দিনাই পাহাৰ খনন কৰি দৈনিক ৩০-৪০ খন ডাম্পাৰৰ সহায়ত বিভিন্ন এলেকাত যোগান ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ৷ এই ক্ষেত্ৰত বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগৰ্ত বিমলাপুৰ খণ্ড বন বিষয়া জন নিৰুপায় বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে । খণ্ড বন কৰ্মী চন্দ্ৰ ফুকনে লগতে জানিবলৈ দিয়ে যে , বাৰম্বাৰ বন বিষয়াক এই সম্পৰ্কত ফোন যুগে জনোৱা পাছতো অশোক কুমাৰ দাসে কোনো লোকে প্ৰশ্ন কৰিলে মোৰ ফোন নাম্বাৰ তো দি দিবা কৈ দায়িত্ব সামৰি লয় । এই ক্ষেত্ৰত কিয় বন বিষয়া জনে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে , সেইয়া এক ডাঙৰ প্ৰশ্ন । অন্য হাতে এনেদৰে ভূ মাফিয়াৰ দলে কাৰ সাহসত পাহাৰ কাটি ধংশ দিছে , তাক লৈও এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে । জানিব পৰা মতে , কটকী , বুঢ়াগোহাঁই আৰু গগৈ উপাধিৰ কেইজনমান যুৱকে কোনো ৰাজনৈতিক নেতাৰ তত্বাৱধানত এই কাৰ্য্য সংঘটিত কৰিছে । উল্লেখ্য যে , বিগত বছৰ কেইটাত এই শীমান্তৱৰ্তী অঞ্চলটোত বহু পাহাৰ কাটি মাটিৰ এক ৰমৰমীয়া বেপাৰ চলাই আহিছিল আৰু বিভিন্ন সংবাদ মাধ্যমত এই সম্পৰ্কে বহুল প্ৰচাৰ হৈছিল , কিন্তু তাৰ পাছতো জিলা প্ৰশাসন বা বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগল আৰু এতিয়া তাৰে সুবিধা লৈ একাংশ ভূ মাফিয়াই চলাই গৈছে এই মাটিৰ ব্যৱসায় । এই ভূ মাফিয়া সকলে ব্যবহিত জে চি বি আৰু ডাম্পাৰ সমূহ ভাড়াত আনি বৰ হাত নাহৰ পুখুৰীত মাটি যোগান দিয়াৰ কথা পোহৰলৈ আহিছে যদিও এই কাৰ্য্যৰ লগত জড়িত বিয়ক্তি সকল কোন বা কাৰ তত্বাৱধানত এনেদৰে এই ভূ মাফিয়াই দপদপাই ফুৰিছে , সেইয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ।