ছিপাঝাৰৰ ধলপুৰ গৰুখুটি উচ্ছেদ কাণ্ডক লৈ হাটশিঙিমাৰীত জিলা এআইইউডিএফৰ মৌন প্ৰতিবাদ

0
184

ছিপাঝাৰৰ ধলপুৰ গৰুখুটি উচ্ছেদ কাণ্ডক লৈ হাটশিঙিমাৰীত জিলা এআইইউডিএফৰ মৌন প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ২৫ ছেপ্তেম্বৰ : আজি ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ সম্মুখত মানকাচৰ জিলা এআইইউডিএফে ছিপাঝাৰৰ ধলপুৰ গৰুখুটি ঘটনাক লৈ মৌন প্ৰতিবাদ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক চৰকাৰী সাহায্য প্ৰদানৰ দাবীত জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে , আজি দিনৰ প্ৰায় ১.৩০ বজাত মানকাচৰ জিলা এআইইউডিএফৰ সভাপতি নজমুল আৰপিনৰ নেতৃত্বত শতাধিক এআইইউডিএফৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে । হাটশিঙিমাৰীৰ ভিমাপাৰাস্থিত বিধায়ক আমিনুল ইছলামৰ আৱাসগৃহৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড , বেনাৰ লৈ এক মৌন সমদল উলিয়ায় । সমদলটো হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আহি মৌন প্ৰতিবাদ কৰে । ইয়াৰ পাছত জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ খনৰ জৰিয়তে গৰুখুটি কাণ্ডৰ নিন্দা কৰি ভুক্তভোগী পৰিয়ালক চৰকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনোৱা হয় । তদুপৰি আগন্তক দিনত চৰকাৰে কোনো স্থানত এনে উচ্ছেদ অভিযান চলালে আগতীয়াকৈ ৰাইজক জাননি দিয়াৰ লগতে এনে ভূমিহীন লোকক পুনৰস্থাপনৰ ব্যৱস্থা কৰাৰ পাছতহে উচ্ছেদ কৰাৰ দাবী জনায় মানকাচৰ জিলা এআইইউডিএফে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here