ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ,৩১ জুলাইঃ অনলাইন গেম খেলিবলৈ গৈ মাকৰ ৪০ হাজাৰ টকা খৰচ কৰি আত্মহত্যা কৰিলে মধ্যপ্ৰদেশৰ ১৩ বছৰ বয়সৰ যুৱকে । ঘটনাটো মধ্যপ্ৰদেশৰ ছতপুৰ জিলাৰ শান্তিনগৰত ঘটিছে । ঘটনাৰ দিনা ঘৰত আছিল যুৱক জন আৰু তেওঁৰ ভনী । প্ৰাপ্ত খবৰ মতে , হঠাৎ-তেওৰ মাকে জানিব পাৰে যে , তেওঁৰ ব্যাংক একাউণ্টৰ পৰা ১৫০০ টকা কাটি লোৱা হৈছে । লগে লগে তেওঁ লৰাজনক ফোন কৰি জানিব বিচাৰে যে , কিয় তেওঁৰ একাউণ্টৰ পৰা টকা কাটি লোৱা হৈছে । যুৱক জনে জনায় যে ,“ফ্ৰি ফায়াৰ” নামৰ এখন অনলাইন গেম খেলিবলৈ গৈ তেওঁ এই টকা খৰচ কৰি পেলাইছে । বিষয়টো শুনি খংত গালি পাৰে মাকে আৰু তাৰ পাছতেই ঘৰৰ দৰ্জা বন্ধ কৰি গলত ৰছী লগাই আত্মহত্যা কৰে সেই যুৱক । ঘটনাটোক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । অনলাইন গেম সমূহে কোন দিশত গতি কৰাইছে যুৱক যুৱতীৰ ভৱিষ্যত !