বাক্সাত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

218

বাক্সাত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ বিৰোধী অভিযান চলাই বাক্সাৰ শিমলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে কৰায়ত্ত কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক ৷ এক গোপন সূত্ৰৰ পম খেদি বাক্সা জিলাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত আঙুলীয়াৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে দুই ব্যবসায়ীক ৷ ব্যৱসায়ী দুজনৰ পৰা ১৪টা ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰসহ মুঠ ২৪ টা কণ্টেইনাৰ আৰু প্ৰায় ৫০ হাজাৰ টকাৰ সামগ্রী উদ্ধাৰ কৰে ৷ কৰায়ত্ত কৰা ধৃত ড্ৰাগছ ব্যবসায়ী দুটা ক্ৰমে আঙুলীয়াৰ সঞ্জু ব্ৰহ্ম(৪১) আৰু কামাৰদৈছাৰ সগুমচাৰ ব্ৰহ্ম (২২) বুলি জানিব পৰা গৈছে । ধৃত ব্যৱসায়ী দুটাৰ পৰা এটা মোবাইল ফোন , কেইবাটাও চিৰিঞ্জ আৰু AS-15 H 7799 নম্বৰৰ বাইক এখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷