দেৰগাঁৱৰ সাহাৰ্য প্ৰাপ্ত চিকিৎসা কেন্দ্ৰত ছাডেন ভিজিট স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ , স্থায়ী চিকিৎসক নিযুক্তিৰ লগতে ৬ খন প্ৰসূতিৰ বিছনাৰ ব্যৱস্থা

1536

দেৰগাঁৱৰ সাহাৰ্য প্ৰাপ্ত চিকিৎসা কেন্দ্ৰত ছাডেন ভিজিট স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ , স্থায়ী চিকিৎসক নিযুক্তিৰ লগতে ৬ খন প্ৰসূতিৰ বিছনাৰ ব্যৱস্থা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ২৬ ছেপ্টেম্বৰঃ অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি দেৰগাঁৱৰ নাৰিকলগুৰিস্থিত ৰাজ্যিক সাহায্য প্ৰাপ্ত স্বাস্থ্য কেন্দ্ৰত ছাডেন ভিজিত দি কেন্দ্ৰটিৰ সমস্যাৰ বুজ লয় । মন্ত্ৰী জনে স্বাস্থ্য কেন্দ্ৰৰ পৰাই বিভাগীয় বিষয়াক ফোনযোগে কেন্দ্ৰটোত বৰ্তি থকা সমস্যাসমূহ সমাধানৰ বাবেও নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে , দেৰগাঁৱৰ অতি গুৰুত্বপূৰ্ণ এই স্বাস্থ্য কেন্দ্ৰ টো দীৰ্ঘদিন ধৰি চিকিৎসক অবিহনেই চলি আছে । এজন ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰি থকা স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সমূহ সমাধানৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছে যদিও চৰকাৰী ভাবে ব্যবস্থা গ্ৰহণ কৰা হোৱা নাছিল । অগপৰ অন্যতম কেন্দ্ৰীয় সম্পাদক নুৰুল চুলতানৰ তৎপৰতাত আজি হঠাৎ মন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয় খন পৰিদৰ্শন কৰি সমস্যাৰ বুজ লোৱাত স্বাস্থ্য কেন্দ্ৰটোলৈ আশাৰ সঞ্চাৰ হৈছে । পৰিদৰ্শন কালত মন্ত্ৰী জনে অচিৰেই স্বাস্থ্য কেন্দ্ৰ টোত স্থায়ী চিকিৎসক নিযুক্তি দিয়াৰ আশ্বাস দিয়াৰ লগতে প্ৰসূতি গৃহত অতিৰিক্ত ৬ খন বিচনা ৰোগীৰ বাবে দিয়াৰ কথাও সংবাদ মধ্যমক অৱগত কৰে । স্বাস্থ্য কেন্দ্ৰটিৰ কৰ্মীসকলৰ লগতে বিজেপি দেৰগাঁও নগৰ মণ্ডলৰ সভাপতি দিলীপ খাউণ্ড , সম্পাদক প্ৰীয়াংকু হাজৰিকাৰ উপৰিও স্থানীয় কেবাজনো নাগৰিক আৰু সাংবাদিক সকলেও দেৰগাঁৱৰ স্বাস্থ্য খণ্ডত বৰ্তি থকা বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰী জনক অবগত কৰে ।প্ৰসংগক্ৰমে , দেৰগাৱৰ ত্ৰিশ খন বিচনাযুক্ত চিকিৎসালয়ৰ সমস্যা সমূহ আৰু বিলতীয়া স্বাস্থ্য কেন্দ্ৰৰ সমস্যায়ো স্বাস্থ্য মন্ত্ৰী গৰাকীক অবগত কৰা হয় ।