বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চকে ন ন কৌশলে লুটিছে ধন , ৰাইজৰ এজাহাৰৰ ভিত্তিত আটক দুই প্ৰৱঞ্চক

187

বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চকে ন ন কৌশলে লুটিছে ধন , ৰাইজৰ এজাহাৰৰ ভিত্তিত আটক দুই প্ৰৱঞ্চক

দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , টুকটুকী , ২৬ ছেপ্টেম্বৰ : প্ৰবঞ্চকৰ কৱলত এতিয়া বটদ্ৰৱা সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজ । হেকাৰৰ বৰ্তমান লক্ষ্য সহজ সৰল দৰিদ্ৰ ৰাইজ । বটদ্ৰৱা সমষ্টিৰ বড়িবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পাৰলিগুৰি গাঁওৰ ৰাইজৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰে হেক কৰি প্ৰায় ৬০ ঘৰ মানুহৰ পৰা হেকাৰে লুটিলে বৃহৎ পৰিমাণত ধন । একে গাঁৱৰে জামাল উদ্দীন নামৰ প্ৰৱঞ্চকটোৱে চৰকাৰী আঁচনিৰ কথা কৈ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লগতে মবাইলৰ পৰা সংগ্ৰহ কৰে অ টি পি । তাৰ পিছত দৰিদ্ৰ লোক সকলৰ মবাইলত কিবা ঋণৰ মেছেজ অহাত ভুক্তভোগী লোক সকল কাষ চাপে আৰক্ষীৰ আৰু দাখিল কৰে এজাহাৰ ইতিমধ্যে বৰিবজাৰ আৰক্ষীয়ে জামাল উদ্দীনৰ লগতে আন এগৰাকী সহযোগিক আটক কৰি জেৰা অব্যাহত ৰাখিছে । এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে , সময়ত সেয়া লক্ষ্যণীয় হব ।