ষ্টুডেণ্ট অলিম্পিক নেছনেল গেমছত সোণৰ পদক লাভ কমলপুৰৰ কিশোৰ শালৈৰ

170

ষ্টুডেণ্ট অলিম্পিক নেছনেল গেমছত সোণৰ পদক লাভ কমলপুৰৰ কিশোৰ শালৈৰ

দুৰ্নীতিৰ দৰ্পণ,প্ৰতিবেদক , চিৰঞ্জীৱ কলিতা , চাংসাৰি, ২৬ ছেপ্টেম্বৰ : বিগত ১৭-১৯ ছেপ্টেম্বৰলৈ হাৰিয়ানাৰ ৰয়েল স্কুলত অনুষ্ঠিত সপ্তম ষ্টুডেণ্ট অলিম্পিক নেছনেল গেমছ ২০২১ ত উজ্বলি উঠিছে কিশোৰ শালৈ । কামৰূপ জিলাৰ কমলপুৰৰ অন্তৰ্গত বৰডেকপাৰ গাঁৱৰ নাৰায়ণ শালৈৰ পুত্ৰ কিশোৰ শালৈয়ে ৱুছু চাণ্ডা ফাইট ইভেণ্টৰ ৫০-৫৫ কেজি ছিনিয়ৰ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । কিশোৰ গৰাকীৰ উক্ত সফলতাই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।