কয়াকুছি মহাবিদ্যালয়ত বৰপেটা জিলা খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ সভা সম্পন্ন

167

কয়াকুছি মহাবিদ্যালয়ত বৰপেটা জিলা খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , আব্দুল জলিল , বৰপেটা , ২৭ চেপ্তেম্বৰ : বৰপেটা জিলাৰ সৰু ক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি মহাবিদ্যালয়ত বৰপেটা জিলা খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে মোছলেম আহমেদ । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক আব্দুৰ ৰেজ্জাক । আজিৰ সভাত বিভিন্ন জনে বিভিন্ন অভিমত প্ৰকাশ কৰি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ ব্যৱসায়ী সকল ক্ৰমে আবু শামা, হজৰত আলী , আব্দুল ওহাব , সাহাদূল ইছলামকে আদি বহুকেইগৰাকী ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে । বৰ্তমান সময়ত বৰপেটা জিলাৰ খুচুৰা সাৰ বিক্ৰেতা সকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলি মত পোষণ কৰে । কাৰণ পাইকাৰী বিক্ৰেতা সকলে পঞ্জীয়ন থকা ব্যৱসায়ী সকলৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক দাম লোৱা বুলি ব্যৱসায়ী সকলে জানিবলৈ দিয়ে। যাৰ ফলস্বৰুপে খেতিয়ক সকলে বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে । যত ইফকু বজাৰ মূল্য ২৬৬.৫০ টকা পাইকাৰী মূল্য ৪৫০ টকা , ডিএপি বজাৰ ১৩৫০ টকা পাইকাৰী মূল্য ১৮৫০ টকা , ডিএপি ইফকু বজাৰ মূল্য ১২০০ টকা পাইকাৰী মূল্য ১৩৫০ টকাকৈ লোৱা বুলি খুচুৰা বিক্ৰেতা সকলে সাংবাদিকক জানিবলৈ দিয়ে । এনে অবাধ দুৰ্নীতি সংগঠিত হৈছে কিন্তু কৃষি মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়াত ক্ষুন্ন হৈ পৰিছে খুচুৰা সাৰ বিক্ৰেতা সকলে । অসমৰ কৃষি মন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । কৃষক সকলক শোষণ কৰা চৰকাৰে সাধাৰণ জনগণৰ বিষয়ে চিন্তা কৰাৰ সময় হবনে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে খুচুৰা সাৰ বিক্ৰেতা সকলে ।