তিনিচুকীয়াত “সন্মিলিত শিল্পী জাগৰণ মঞ্চ”ৰ সংবাদ মেল আৰু সাধাৰণ সভা অনুষ্ঠিত

203

তিনিচুকীয়াত “সন্মিলিত শিল্পী জাগৰণ মঞ্চ”ৰ সংবাদ মেল আৰু সাধাৰণ সভা অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২৮ চেপ্তেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক’ৰণা মহামাৰীয়ে পেলোৱা প্ৰভাৱৰ ফলত শিল্পী,কলা-কুশলী সকলৰ অৱস্থা তথৈবচ হৈ পৰে। তাৰ উপৰি ভাৰতবৰ্ষ তথা অসমৰ ভিন ভিন ঠাইত কৰ্ম সম্পাদন কৰি থকা বহুতো শিল্পী,কলা-কুশলী গৃহমূখী হৈ প্ৰায় কৰ্মহীন হৈ পৰিছে । শিল্পী সকল ভবিষ্যতৰ অনিশ্চয়তাত ভুগিছে আৰু এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ এক স্থায়ী সমাধানৰ বাবে সকলোৱে আশাৰে বাট চাই আছে । এনে পৰিৱেশত নিজ-নিজ ঠাইতে থাকি নিজ-নিজ প্ৰতিভা বিকাশ তথা কৰ্ম কৰি যাব পৰাকৈ সকলোকে একত্ৰিত কৰি এক সুস্থ সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিবলৈ জনপ্ৰিয় কন্ঠশিল্পী মনোমোহন বৰুৱাৰ আহ্বানত অৰুণ জ্যোতি তাঁতী,জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগ,বন গীত সম্ৰাট লোহিত দাস,জ্যেষ্ঠ শিল্পী অমৃত ৰাজখোৱা,জ্যেষ্ঠ শিল্পী কামিনী কুমাৰ গোহাঁই,সংগীত শিল্পী জোন জোনাক,নৱপ্ৰজন্মৰ শিল্পী ক্ৰমে ৰাজীৱ হাজৰিকা,উদিপ্ত দত্ত,ধ্ৰুৰ্বজ্যোতি দত্ত,হীৰক দত্ত,পাৰ্থজ্যোতি বৰুৱা,বিশ্বৰূপ বৰা,নৱকিশোৰ দত্ত,ইউৰেকা বৰুৱা,নিহাৰিকা দত্ত,স্বৰ্ণালী আইদেউকে প্ৰমূখ্য কৰি তিনিচুকীয়া জিলাৰ সকলো শিল্পী,কলা-কুশলী একত্ৰিত হৈ “সন্মিলিত শিল্পী জাগৰণ মঞ্চ” নামৰ এক সংগঠনৰ জন্ম দিছে । অলপতে তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত মঞ্চৰ দ্বাৰা এখন সংবাদ মেল আৰু সাধাৰণ সভা অনুষ্ঠিত কৰে । নৱগঠিত মঞ্চখনৰ সভাত সভাপতিত্ব কৰে অৰুণজ্যোতি তাঁতীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মনোমোহন বৰুৱাই । সংবাদ মেলত “সন্মিলিত শিল্পী জাগৰণ মঞ্চ”ৰ দ্বাৰা অনাগত দিনত জ্যেষ্ঠ শিল্পীক স্বীকৃতি প্ৰদান আৰু সম্বৰ্ধনা, কৰ্মশালাৰ আয়োজন কৰা,বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা,প্ৰতিভাৱান শিল্পীক সুবিধা প্ৰদান,দুখীয়া ছাত্ৰ ছাত্ৰীক সাহায্য প্ৰদান,এখন পূৰ্ণাঙ্গ কলা আৰু কাৰিকৰী জ্ঞানৰ পাঠদানৰ এখন প্ৰতিষ্ঠান নিৰ্মাণ কৰা,শিল্পী,কলা-কুশলীসকলৰ মাজত ভাতৃত্ববোধৰ এনাজৰী শক্তিশালী কৰি কৰ্ম সংখ্যা বৃদ্ধি কৰা,সমাজত ঘটি থকা অসূয়া-অপ্রীতি,অপসংস্কৃতি ৰোধকে আদি কৰি ভালে সংখ্যক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । অনাগত দিনত সকলোৰে সহযোগিতা কামনা কৰি সকলো শিল্পী,কলা-কুশলীক একেখন মঞ্চলৈ নিমন্ত্ৰণ জনায় । সংবাদমেলত জিলাখনৰ প্ৰায় ডেৰ শতাধিক শিল্পী ,কলা-কুশলী উপস্থিতি আছিল ।