বাঘজান গাঁৱৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সংবাদমেল

202

বাঘজান গাঁৱৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সংবাদমেল

দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২৮ চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ অভিশপ্ত বাঘজানত আজি মিলন জ্যোতি সংঘই এখন সংবাদ মেল অনুষ্ঠিত কৰে । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বাঘজানবাসীৰ সহযোগত বাঘজান গাঁৱৰ কেতবোৰ সমস্যাৰ ওপৰত এই সংবাদমেল অনুষ্ঠিত কৰে । সংবাদ মেলত বাঘজান মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা মনোজ হাজৰিকাই কয় যে,বাঘজানত বহি থকা TBK তৈল খাদটো সম্পূৰ্ণ অবৈধ,এই খাদটোৰ কোনো ধৰণৰ কাগজ পত্ৰ নাই । গতিকে , উক্ত খাদটোৰ কাগজ পত্ৰ ৰাজহুৱা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে , বাঘজান অঞ্চলত প্ৰবল গৰাখহনীয়াৰ ওপৰতো আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব নাই বুলি মন্তব্য আগবঢ়ায় । লগতে বিগত বৰ্ষ ২৭ মে’ ২০২০ত বাঘজান BGN ৫ নং তৈল খাদত সংঘটিত হোৱা অভিশপ্ত অগ্নিকাণ্ডৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বাঘজানলৈ আহি বাঘজান অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়ে হৈ ৰল । উল্লেখযোগ্য যে,যোৱা ২৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৮ মান বজাত অইল ইণ্ডিয়াৰ বাঘজান টি বি কে খাদত কৰ্মৰত এজন চিকিউৰিটি গাৰ্ডে বাঘজানৰ এজন যুৱকৰ মূৰত গুৰুতৰভাৱে আঘাত কৰাৰ ফলত সংকটজনক অৱস্থাত ডিব্ৰুগড় শ্ৰীমন্ত শংকৰদেৱ হস্পিলতালৰ ICU ত ভৰ্তি হৈ আছে । জানিব পৰা মতে , যুৱকজন বাঘজান গাঁৱৰ বাসিন্দা ত্ৰিদীপ কিৰণ মৰাণ আৰু তেওঁ বাঘজান TBK তৈল খাদৰ গাড়ী চালক হিচাপে নিয়োজিত হৈ আছিল । অইল ইণ্ডিয়াৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে । লগতে যুৱকজনৰ উচ্চ চিকিৎসাৰ সকলোধৰণৰ খৰচ বহন কৰিবলৈ দাবী উত্থাপন কৰিছে । আনহাতে , উক্ত ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আৰু বাঘজান গাঁৱৰ সকলো অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ।