কামৰূপত জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে

195

কামৰূপত জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে

দুৰ্নীতিৰ দৰ্পণ সেৱা ,পঙ্কজ নাথ, চাংসাৰি, ২৯ ছেপ্টেম্বৰঃ কামৰূপ জিলাত জল জীৱন মিছনৰ অধীনত চলি থকা কাম-কাজ আৰু খাদ্য আৰু অসামৰিক,গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে আজি জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এক সভাত বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পৰ্যালোচনা কৰে ৷ জিলাখনত জল জীৱন মিছন (জেজে এম)ৰ অধীনত চলি থকা কাম-কাজৰ অগ্ৰগতিত মন্ত্ৰী গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷ বিশেষকৈ চলিত মাহৰ ৩০ তাৰিখলৈ নিৰ্দ্ধাৰণ কৰি দিয়া ১০ হাজাৰ পৰিয়াললৈ নল যোগে পানী যোগানৰ লক্ষ্য সময়তকৈ দুদিন আগতে সম্পূৰ্ণ কৰাত মন্ত্ৰী দাসে সন্তুষ্টি ব্যক্ত কৰে ৷ তেওঁ কয় যে , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা আশীৰ্বাদ স্বৰূপ এই আঁচনিখনৰ কাম আগন্তুক দিনত এই একেই নিষ্ঠাৰে সম্পন্ন কৰি জিলাখনৰ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰিব লাগিব ৷ তেওঁ লগতে আমিনগাঁৱৰ ফ্ল’ৰাইড প্ৰৱণ এলেকাত নাবাৰ্ডৰ পুঁজিৰে চলি থকা পানী যোগান আঁচনিখনৰ কামো গুৰুত্বসহকাৰে তদাৰক কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷ জল জীৱন মিছনৰ অধীনত পানী যোগান যাতে দীৰ্ঘস্থায়ী আৰু নিয়মীয়া হয় , তাৰ বাবে জনসচেতনতা সৃষ্টি কৰা আৰু নীতি অনুসৰি স্থানীয় পানী যোগান পৰিচালনা সমিতি গঠন কৰাটো সুনিশ্চিত কৰিবলৈ সভাত তেওঁ আহ্বান জনায় ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন , জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’, জল জীৱন মিছনৰ দায়িত্ববাহী বিষয়া সদৰ মহকুমাধিপতি মুনমী কলিতা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী ডিভিজন-২১ কাৰ্যবাহী অভিযন্তা তীৰ্থ শৰ্মাকে ধৰি জিলাখনৰ বিভাগীয় বিষয়াসকল উপস্থিত থকা এই পৰ্যালোচনা সভাত পানীৰ পাইপ বহুওৱাৰ বাবে ৰাষ্টা-ঘাটৰ যি ক্ষতি হৈছে , সেইবোৰৰ মেৰামতি কৰাৰ পদক্ষেপ লোৱাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰকাশ কৰে ৷ ইয়াৰ উপৰি জিলাখনত জেজে এমৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ অগ্ৰগতি সম্পৰ্কে পলকতে সকলোৱে নিৰীক্ষণ কৰিব পৰাকৈ জিলা উপায়ুক্তৰ নেতৃত্বত প্ৰস্তুত কৰা ডিজিটেল নিৰীক্ষণ ব্যৱস্থাৰো তেওঁ শলাগ লয় আৰু এনে ব্যৱস্থা আন জিলাসমূহেও অনুকৰণ কৰিব লাগে বুলি মত পোষণ কৰে ৷

আনহাতে , খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত মুকলি কৰিবলৈ বাকী ধনৰাশি এসপ্তাহৰ ভিতৰত মুকলি কৰিবলৈ তেওঁ আহ্বান জনায় ৷ এই বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে বিভাগটোৰ বিভিন্ন বিষয় সন্দৰ্ভত মন্ত্ৰী গৰাকীক অৱগত কৰে ৷ বিভাগৰ অধীনত থকা সুলভ মূল্যৰ দোকানৰ ক্ষেত্ৰত বিধায়ক কলিতাই আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত পাহাৰীয়া অঞ্চলত থকা পৰিয়ালৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সেই ঠাইতে সুলভ মূল্যৰ দোকান বহুওৱাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ তদুপৰি নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বাবে তালিকা প্ৰস্তুত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ৷ ইয়াৰ উপৰি জিলাখনত ধান ক্ৰয়ৰ ব্যৱস্থাটো ফলপ্ৰসূভাৱে গঢ়ি তুলিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ উল্লেখযোগ্য যে , কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে কৰা যাত্ৰা পথত দুখনকৈ জিলাৰ বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে যোৱা কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে আজি মন্ত্ৰী দাসে ধেমাজি জিলালৈ কৰা যাত্ৰাপথত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পদাৰ্পণ কৰি উল্লেখিত পৰ্যলোচনা সভাত অংশ লোৱাৰ উপৰি জিলাখনৰ গৌৰীপুৰ প্ৰথমিক বিদ্যালয় , গৌৰীপুৰ অংগনবাড়ী কেন্দ্ৰ,চাংসাৰি কোভিড প্ৰতিষেধক কেন্দ্ৰ,বেজেৰা উচ্ছতৰ-মাধ্যমিক বিদ্যালয়,বেজেৰা প্ৰাথমিক বিদ্যালয় , বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু বেজেৰা পাইপ পানী যোগান আঁচনি পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে বেজেৰা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা সুসজ্জিত প্ৰাক্‌-প্ৰাথমিক শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে ৷ এই পৰিদৰ্শন কালত তেওঁ পানী যোগান আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ,স্বাস্থ্য কেন্দ্ৰৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ শলাগ লয় ৷