ডিব্ৰুগড়ত কেইবাটাও ৰাজহুৱা অনুষ্ঠান পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

170

ডিব্ৰুগড়ত কেইবাটাও ৰাজহুৱা অনুষ্ঠান পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৯ ছেপ্টেম্বৰ : ডিব্ৰুগড় মাৰোৱাৰী আৰোগ্য ভৱনৰ ক’ভিড ভেকচিনেশ্যন চেন্টাৰ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শনৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আলোচনা মিলিত হয় । তদুপৰি মন্ত্ৰী হাজৰিকাই চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ লগতো মত-বিনিময় কৰে‌। উক্ত পৰিদৰ্শন কালত ডিব্ৰুগড় ৰাজহুৱা অনুষ্ঠান ক্ৰমে অংগনবাড়ী চেন্টাৰ, বিদ্যালয়, হস্পিতাল, ৰেলৱে ষ্টেচন, আদি পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও প্ৰত্যেক মাহত হবলগীয়া ৰাজ্যৰ কেবিনেট ধেমাজিত হবলগীয়া কেবিনেট লৈ যাওঁতে মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাৰ ৰাজহুৱা অনুষ্ঠান অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, হস্পিতাল, আদি পৰিৰ্দন কৰি সমস্যা সমুহ বুজ লোৱা কথা উল্লেখ কৰে। ডিব্ৰুগড় পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ বহুকেইগৰাকী বিষয়াই।