মৰিগাঁৱৰত শব্দকল্পৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ শিৱ শৰ্মাৰ ৭৪ সংখ্যক ওপজা দিন উদযাপন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১ অক্টোবৰ : মৰিগাঁৱৰ অগ্ৰণী সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শব্দকল্পৰ উদ্যোগত আজি মৰিগাঁৱৰ বিশিষ্ট শিক্ষাবিদ , সমাজ সংগঠক তথা প্ৰকৃতি প্ৰেমী শিৱ শৰ্মাৰ ৭৪ সংখ্যক ওপজা দিনটো তেওঁৰ মৰিগাঁও চহৰৰ ৰজাগাঁৱস্থিত বাসভৱনত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই ওপজা দিন উদযাপনৰ লগত সংগতি ৰাখি এখন অভিনন্দন সভাও অনুষ্ঠিত কৰা হয় । শব্দকল্পৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত শিৱ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত প্ৰস্তুত কৰা “সুহৃদ” নামৰ এখন গ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মৰিগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ বুলি গগৈ ভূঞাই । গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত শিক্ষা বিষয়া গৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰখনত শিৱ শৰ্মাৰ সাধনা , শিক্ষানুষ্ঠান গঢ়াত তেখেতৰ প্ৰচেষ্টা সকলোৰে বাবে অনুকৰণীয় হৈ ৰ’ব বুলি মন্তব্য কৰে । সভাত অংশগ্ৰহন কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰধান নগেন দাসে শিৱ শৰ্মাৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাৰ কথা বিস্তৃত ভাৱে আলোকপাত কৰে । শব্দকল্পৰ সভাপতি লক্ষ্যজ্যোতি নাথ আৰু প্ৰধান সম্পাদক হিতেশ শৰ্মাই আঁত ধৰা এই অভিনন্দন সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰ , প্ৰাক্তন সম্পাদক তথা বিশিষ্ট শিল্পী অশোক ডেকা , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা , মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰফুল্ল হাজৰিকা,সম্পাদক খগেন মহন্ত , নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত , মৰিগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল চন্দ্ৰ নাথ,যুৱ নেতা অজিত ডেকা সহ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ শিৱ শৰ্মাৰ জীৱন কৰ্মৰাজি আৰু সান্নিধ্য লাভৰ কথা বিষদভাৱে বৰ্ণনা কৰে । ইফালে,তেখেতৰ আজিৰ এই ওপজা দিনত মৰিগাঁও টাউন উচচতৰ মাধ্যমিক বিদ্যালয়,পুবেৰুণ আদৰ্শ বিদ্যাপীঠ সহ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সকলে আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জনায় ।