গোসাঁইগাঁওত কেএচিৰ সদস্যক সম্বৰ্ধনা , কোচৰাজবংশীৰ এক ভাষা, এক জাতি, এক সংস্কৃতি,আৱাজ এক, দাবী এক, লক্ষ্য আৰু উদ্দেশ্য একঃ কেএচিৰ অধ্যক্ষ হিতেশ্বৰ ৰায়

277

গোসাঁইগাঁওত কেএচিৰ সদস্যক সম্বৰ্ধনা , কোচৰাজবংশীৰ এক ভাষা, এক জাতি, এক সংস্কৃতি,আৱাজ এক, দাবী এক, লক্ষ্য আৰু উদ্দেশ্য একঃ কেএচিৰ অধ্যক্ষ হিতেশ্বৰ ৰায়

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১ অক্টোবৰঃ কোচৰাজবংশীৰ এক ভাষা, এক জাতি, এক সংস্কৃতি,আৱাজ এক, দাবী এক, লক্ষ্য আৰু উদ্দেশ্য এক৷সকলোৰে মুখত এটাই বাক্য হ’ব লাগিব ৷ এই বাক্যশাৰী আগত লৈ আগবাঢ়ি গলে কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পুৰন হ’ব ৷ কিন্তু বিভিন্ন ভাগ ভাগ , ইজনে সিজনৰ মাজত কাজিয়া কৰিলে সমস্যা সমাধান নহয় ৷ নিজৰ অধিকাৰ পাবলৈ হলে সকলোয়ে একত্ৰিত ভাবে এটাই দাবী লৈ আগবাঢ়ি যাব লাগিব ৷ এই ভাষ্য কেএচিৰ অধ্যক্ষ তথা আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ ৰায়ৰ ৷ আজি গোসাঁইগাঁৱত আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতি,মহিলা সমিতি আৰু গোসাঁইগাঁও আঞ্চলিক সমিতিৰ সহযোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হোৱা কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ভাষনত কয় , কোচৰাজবংশী জাতিয়ে উন্নতি কৰিব হলে কৰ্মমুখী হ’ব লাগিব ৷ সকলোৱে কৰ্মৰ প্ৰতি মনোযোগ আৰু আগ্ৰহ দেখুৱাব লাগিব ৷ কৃষি উৎপাদনত মন দিব লাগিব ৷ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিব লাগিব ৷ তাৰ লগতে এক মন আৰু এক প্ৰাণেৰে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী উত্থাপন হবই লাগিব ৷ এই দাবীক বাদ দিয়া নহব ৷ ভাষণত তেখেতে জনজাতিৰকৰণৰ প্ৰক্ৰিয়া কিছু পৰিমানে আগবাঢ়ি গৈছে বুলি ৰাইজৰ আগত প্ৰকাশ কৰি কয় , বেংঙৰ দৰে জপিওৱা স্বভাৱ থকা কোচৰাজবংশী সকলে একত্ৰিত হৈ একেটা মঞ্চত থিয় হৈ স্বমস্বৰে দাবী জনাই থাকিব লাগিব ৷ ভাষণত তেখেতে আক্ৰাছুৰ প্ৰথম গৰাকী বীৰ শ্বহীদ সঞ্জীৱ ৰায় আৰু লাল চান্দ ৰায়ৰ ত্যাগ আৰু আত্মবলিদানক সোঁৱৰণ কৰি কয় , শ্বহীদৰ যি বলিদান তাক অথলে যাব দিয়া নহব ৷ আক্ৰাছুৰ যুক্তি সংগত আন্দোলনৰ দাবীক মান্যতা দিবলৈ চৰকাৰে বাধ্য হৈছে ৷ আৰু কয় ,কোচৰাজবংশীৰ মাতৃ ভাষা বিশ্ব দৰবাৰত যাব লাগিব ,পাঠ্যপুথিত সন্নিবিষ্ট হ’ব লাগিব ৷ কৃষ্টি- সংস্কৃতিৰ উন্নয়নেই জাতিৰ উন্নয়ন ৷ এইটো ডাঙৰ বিপ্লৱ ৷ ইয়াক গুৰুত্ব দিয়া হ’ব ৷ অধ্যক্ষ গৰাকীয়ে কয়,কেএচিৰ সোতৰ বিভাগ ভালভাৱে পৰিচালনা কৰিবলৈ নিখুঁত পৰিকল্পনা লাগিব ৷ কেএচি উন্নত মানৰ হ’ব লাগে ৷ কাৰিকৰী,সচিব পৰ্যায়ৰ বিষয়া,মুখ্য সচিব আদিৰে উন্নত পৰ্যায়ৰ কেএচিত বিষয়া নিযুক্তি , কৰ্মসংস্থাপনৰ ব্যৱস্থা আদিৰ ওপৰত বক্তব্য দিয়ে ৷ এনেকি সোতৰটা শ্বহীদ পৰিয়ালে পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও উল্লেখ কৰে ৷ প্ৰতিটো জিলাত থকা আহত লোকৰ বাবেও আৰ্থিক সাহায্যৰ ব্যৱস্থা গ্ৰহন কৰিব ৷ আক্ৰাছুক লগত লৈ কাম কৰাৰ পোষকতা কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ৷ কেএচি পাৰিষদৰ অধ্যক্ষ হিতেশ্বৰ ৰায়ৰ উপৰি কাৰ্যবাহী সদস্যক বেণ্ড পাৰ্টি,সাংস্কৃতিক নৃত্যৰে আদৰি অনা হয় ৷ অনুষ্ঠানত দুগৰাকী জাতীয় বীৰ ক্ৰমে দুটা সঞ্জীৱ ৰায় আৰু লাল চান্দ ৰায়ৰ পৰিয়ালক কেএচিৰ অধ্যক্ষ আৰু কাৰ্যবাহী সদস্য সকলে শ্বহীদ তৰ্পন কৰে ৷ ৰাজবংশী জনগোষ্ঠীয় গামোছাৰে সম্বৰ্ধনা জনায় ৷ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সনোধৰ ৰায়ে পৰিচাললা কৰা সম্বৰ্ধনা সভাত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ সম্বৰ্ধধনা অনুুষ্ঠঠানত কৰ্মেশ্বৰ ৰায়ে কয়,কেএচিৰ দ্বাৰা বৃহৎ জনগোষ্ঠীৰ সমস্যা সমাধান সম্ভৱ নহব ৷ ৰাজনৈতিক ভাবে পিছ পৰি থকা জনগোষ্ঠীয়েকে এ চিৰ যোগেদি সাৰ্বিক উন্নয়নৰ প্ৰচেষ্টা থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাজ্যিক অন্যান্য পিছপৰা জাতি পৰিষদৰ সম্পাদক জীৱেশ ৰায়ে ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু সংগ্ৰামৰ ইতিহাস দুজনকৈ শ্বহীদৰ ভুমি আৰু প্ৰাণকেন্দ্ৰ গোসাঁইগাঁও বুলি অভিহিত জেষ্ঠজনে দিহা পৰামৰ্শ , বুদ্ধিজীৱী , সন্মানীয় ৰাইজে নিজৰে প্ৰতিনিধি আছে , বিটিচিত বসবাস কৰা কোচ ৰাজবংশী সকলে বঞ্চিত হৈ আছিল ৷ সা সুবিধাৰ পৰা বঞ্চিত নহয় , তাৰ বাবে কেএচিক বাদ দি কোচ ৰাজবংশী উন্নয়ন পৰিষদত এজন অন্তভূক্তৰ দাবী জনাইছে ৷ আত্মনিৰ্ভৰশীলতা , অন্তৰ্ৱৰ্তী কালীন পাৰিষদৰ আশা আ কিছু পৰিমানে সমাধান হ’ব ৷ বিটিআৰ আৰু ৰাভা হাচং অটোনমাচ কাউঞ্চিলক বাদ দি বহু সতীৰ্থ আঁতৰি গৈছে ৷ শ্বহীদ সকলৰ আত্ম বলিদান , ত্যাগৰ বিনিময়ত হয়তো স্বায়ত্ব শাসন লাভ কৰিছে ৷ সম উন্নয়ন আৰু ভাতৃত্ববোধ বিশ্বমহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণৰ নীতি আদৰ্শৰে সকলো জনগোষ্ঠীৰ সমন্বয়ৰ যোগেদি কেএচি চলিব ৷ কমতাপুৰ আৰু জনজাতিকৰণ মুল দাবী সেৱা অব্যাহত থাকিব ৷ মাতৃ সমাজে পাটানী পৰিধান কৰিব লাগিব ৷ ভাষা কলা কৃষ্টি আৰু সংস্কৃতি ৰক্ষা কৰিব লাগিব ৷