গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক
শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ, গোলাঘাট, ১ অক্টোবৰঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত আয়োগৰ এটা প্ৰতিনিধি দলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পৰ্যালোচনা কৰে । সভাত আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয় । তেওঁ বাল্য বিবাহ আৰু শিশুৰ অবৈধ সৰবৰাহৰ দৰে ব্যাধি দূৰ কৰিবলৈ শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন চমুকৈ পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । আনহাতে , শিশু-কিশোৰৰ মাজত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ ভিক্ষা কৰা শিশু আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই থানাসমূহত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে , যাতে কোনো আৰক্ষী বিষয়াই শিশু সম্পৰ্কীয় গোচৰ অৱহেলা নকৰে । এইক্ষেত্ৰত আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটক পুনৰ সক্ৰিয় কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ আয়োগৰ আন এগৰাকী সদস্য শ্ৰী অজয় কুমাৰ দত্তই জিলা পৰিবহন বিষয়াক বিদ্যালয়ৰ বাছসমূহৰ চালক-হেণ্ডিমেনৰ আৰক্ষীৰ দ্বাৰা সত্যাৰ্পন কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে ৰাজহুৱা বাহনসমূহত সৰ্বশিক্ষা , শিশু শ্ৰমিক , পক্স’ আইন আদি সন্দৰ্ভত সজাগতামূলক পত্ৰিকা লগোৱাৰ ব্যৱস্থা কৰিবলৈ কয় । প্ৰতিনিধি দলটোৱে আজিৰ বৈঠকত আৰক্ষী , স্বাস্থ্য বিভাগ , জিলা শিশু সুৰক্ষা গোট , জিলা কাৰাগাৰ , জিলা পৰিবহন বিষয়া , বিদ্যালয়সমূহৰ পৰিদৰ্শক , খাদ্য আৰু অসামৰিক যোগান , শ্ৰম , আবকাৰী আৰু সমাজ কল্যান বিভাগৰ জিলা মুৰব্বীৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাও উপস্থিত আছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া , গোলাঘাটে জানিবলৈ দিয়ে ৷