মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীত নতুন দিগন্তৰ সূচনা , তিনিচুকীয়াত আৰক্ষী দিৱসত সূৰ্যোদয় আৰু চাইল্ড লাইনৰ আৰক্ষী সেৱা অভিযান

226

মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীত নতুন দিগন্তৰ সূচনা , তিনিচুকীয়াত আৰক্ষী দিৱসত সূৰ্যোদয় আৰু চাইল্ড লাইনৰ আৰক্ষী সেৱা অভিযান

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ১ অক্টোবৰ : আজি অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ সকলো আৰক্ষীলৈ বেচৰকাৰী সংস্থা সূৰ্যোদয় আৰু সূৰ্যোদয়ৰ দ্বাৰা পৰিচালিত শদিয়া আৰু মাৰ্ঘেৰিটা চাইল্ড লাইন শাখাই কৃতজ্ঞতাৰে সম্বৰ্ধনা জনাইছে । জিলাখনৰ প্ৰতিগৰাকী আৰক্ষী লোকলৈ কভিডৰ ভয়াবহতাৰ সময়ত কৰি অহা সেৱাৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে চেনিটাইজাৰ , চাবোন , ঔষধ আদি প্ৰদান কৰে । দিনে নিশাই আৰক্ষীৰ লোকসকলে সমাজৰ শান্তি শৃংখলা অটুট ৰখাৰ বাবে কৰি অহা সেৱাৰ বাবেই সকলোৱে শান্তিৰে থাকিব পৰা হৈছে । ন্যায়ৰ পক্ষত থাকি আৰক্ষীৰ লোকসকলে পলে পলে কৰি অহা ত্যাগৰ বাবে বেচৰকাৰী সংস্থা সূৰ্যোদয়ে জিলা খনৰ প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক আজিৰ আৰক্ষীৰ বিশেষ দিনটোতেই ফুলাম গামোছাৰে আদৰণি জনায় । সূৰ্যোদয়ৰ অধ্যক্ষ ৰণজিৎ দত্ত , প্ৰাক্তন সঞ্চালক অখিল চন্দ্ৰ বৰুৱা , সঞ্চালক অভিজিৎ গগৈ , সম্পাদক দিলীপ কাকতি , চাইল্ড লাইন শদিয়াৰ সমন্বয়ক ননী গোপাল দত্ত , মুকুন্দ বৰা , বিনোদ বুঢ়াগোহাঁই , দীক্ষিতা বৰুৱা , চাইল্ড লাইন মাৰ্ঘেৰিটাৰ সমন্বয়ক ৰূপম দাস , আৰতী গগৈ , নিকু গগৈ , বিকাশ তাঁতী , নিচা মল্ল , শিশুগৃহৰ প্ৰিয়ংকা শৰ্মা আৰু ৰিমকি শইকীয়াই আৰক্ষীৰ লোকসকলক তেওঁলোকৰ ন্যায় আৰু কৰ্ত্তব্য পৰায়নতাৰ বাবে মৰমৰ চিনস্বৰূপে উপহাৰ প্ৰদান কৰে । তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীকো আজি সূৰ্যোদয়ৰ শিশুগৃহত উষ্ণ আদৰণি জনায় । মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সু-নেতৃত্বত অসম আৰক্ষীয়ে ন-উদ্যমেৰে বলিষ্ঠ ভাবে কাম কৰাৰ প্ৰেৰণা লাভ কৰাৰ লগতে ন দিগন্তৰ সূচনা হৈছে বুলিও সূৰ্যোদয়ৰ অধ্যক্ষ ৰণজিৎ দত্তই জানিবলৈ দিয়ে । তিনিচুকীয়া থানা চাৰিআলিৰ সদৰ আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা , যান বাহন আৰক্ষী বিষয়া পুলকেশ ৰাভাৰ লগতে জিলাখনৰ শদিয়াৰ আৰক্ষী অধীক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষক সহ আৰক্ষী বিষয়া সকলৰ লগতে,তালাপ, চৈখোৱা,ডুমডুমা,কাকপথাৰৰ, ফিলবাৰী, জাগুন, লেখাপানী, লিডু, মাৰ্ঘেৰিটা, পেঙেৰী, বৰডুমচা, ডিগবৈ, মাকুম আদি থানা সমূহতো সূৰ্যোদয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।