অহম-বংগ সীমান্তত বগা চাউলৰ ৰম ৰমীয়া ক’লা ব্যাৱসায় , গ্ৰাহামপুৰ আৰক্ষীয়ে আটক কৰিলে চোৰাং বগা চাউল ভৰ্তি মিনি ট্ৰাক 

24
অহম-বংগ সীমান্তত বগা চাউলৰ ৰম ৰমীয়া ক’লা ব্যাৱসায় , গ্ৰাহামপুৰ আৰক্ষীয়ে আটক কৰিলে চোৰাং বগা চাউল ভৰ্তি মিনি ট্ৰাক 
 
দুৰ্নীতিৰ দৰ্পণ সেৱা, তামাৰহাট , ১ জুন : অসম-বংগ সীমান্তত চলি থকা বগা চাউলৰ অবৈধ ব্যাৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই কোকৰাঝাৰ জিলাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা আৰক্ষী চকী খনৰ অন্তৰ্গত জাকবপুৰ নামৰ ঠাইত অবৈধ বগা চাউল ভৰ্তি এখন মিনি ট্ৰাক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , চোৰাং চাউল ব্যাৱাসীৰ চক্ৰ এটাই ডব্লিউ বি ৬৩ এ  ৩৩১০ নম্বৰৰ মিনি ট্ৰাক এখনত ৩০ বস্তা (১৫ কুইন্টল)পি ডি এছৰ  বগা চাউল বোজাই কৰি প্ৰস্তাবিত ১২৭(বি) ঘাই পথেৰে শ্ৰীৰামপুৰহৈ পশ্চিমবংগৰ বাৰোবিশা অভিমুখে গৈ আছিল । ইপিনে , উক্ত খবৰ লাভ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই তীব্ৰ বেগেৰে গৈ থকা মিনি ট্ৰাক খন আটক কৰি ট্ৰাক খনত তালাচী কৰোতে কাগজ পত্ৰ বিহীন ৩০ টা বস্তাত ১৫ কুইন্টল বগা চাউল ওলাই পৰে । পিছত আৰক্ষীৰ দলটোৱে চালক সহ চাউল ভৰ্তি বাহন খন আৰক্ষী চকীলৈ নিয়ে । আৰক্ষীয়ে চাউল সহ বাহন খন জব্দ কৰাৰ লগতে বাহন খনৰ চালক কাঞ্চন দাসক আজি কোকৰাঝাৰৰ জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে , অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিনা মূলীয়া বগা চাউলক কেন্দ্ৰ কৰি অসম-বংগ সীসান্তত গড়ি উঠিছে এক অবৈধ চাউল ব্যাৱসায়ী চক্ৰ । উক্ত চক্ৰটোৱে পশ্চিমবংগৰ গাতে লাগি থকা ধুবুৰী জিলা আৰু বি টি চিৰ কোকৰাঝাৰ জিলাৰ অসাধু ব্যাৱসায়ী সকলৰ সহযোগত জমা কৰি ৰখা পি ডি এছৰ বগা চাউল সমুহ অঞ্চলটোৰ বিভিন্ন পক্ষক মেনেজ কৰি পশ্চিমবংগৰ বাৰোবিশালৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যাৱসায় চলাই আছে ।