মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধীভৱন প্ৰাংগণত গান্ধী জয়ন্তী উদযাপন

166

মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধীভৱন প্ৰাংগণত গান্ধী জয়ন্তী উদযাপন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২ অক্টোবৰ : সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধীভৱনত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে । মৰিগাঁও জিলা প্ৰশাসন,গান্ধীভৱন পৰিচালনা সমিতিৰ যুটীয়া উদ্যোগত আৰু মৰিগাঁও পৌৰসভাৰ সহযোগত ৰূপায়িত ১৫২ সংখ্যক গান্ধীজয়ন্তী উপলক্ষে ঐতিহ্যমণ্ডিত গান্ধীভৱন প্ৰাংগণত থকা অহিংস পূজাৰী মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজলন আৰু পুস্পাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই । গান্ধীভৱন পৰিচালনা সমিতিৰ সম্পাদক অতনু শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত গান্ধীভৱন পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত ডেকা , মৰিগাঁও জিলা মুক্তি যুঁজাৰু সতি সন্ততি সন্মিলনৰ সভাপতি ভবেন্দ্ৰ নাথ মহন্ত , অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস , ৰিংখাং মুছাহাৰীকে প্ৰমুখ্যে কৰি ভালেসংখ্যক লোক উপস্থিত থাকে । বন্তি প্ৰজ্বলক উপায়ুক্ত ঘৰফলীয়াই ভাষণত বিশ্ববাসীক সত্য আৰু অহিংসাৰ পথ দেখুওৱা জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশ আৰু জাতিক মহীয়ান কৰি থৈ যোৱা বুলি প্ৰকাশ কৰে । আনহাতে , আজি গান্ধী জয়ন্তী উপলক্ষে দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদসকলক শ্ৰদ্ধা জনোৱাৰ বাবে গান্ধীভৱন পৰিচালনা সমিতিয়ে ৰূপায়ন কৰা ছহিদ তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি গান্ধীভৱন পৰিচালনা সমিতিৰ প্ৰাক্তন উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা আৰু সমাজকৰ্মী প্ৰভাত ডেকাই অহিংসাৰ মূলমন্ত্ৰৰে বিশ্ববাসীৰ মন মগজুৰ জয় কৰা জাতি পিতা মহাত্মা গান্ধীৰ কৰ্ম , আদৰ্শৰাজিৰ ওপৰত আলোকপাত কৰে । আনহাতে , মৰিগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মৰিগাঁও পৌৰসভাই গান্ধীজীৰ ১৫২ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি দুগৰাকী হৰিজন আৰু দুগৰাকী শ্ৰমিকক সম্বৰ্ধনা জ্ঞাপন কৰে ।