নগাঁৱত জাতিৰ পিতাক স্মৰণ , বিজেপিৰ স্বচ্ছতা অভিযান কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা , শ্ৰীমন্ত শংকৰ মিশ্যনটো বাপুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

213

নগাঁৱত জাতিৰ পিতাক স্মৰণ , বিজেপিৰ স্বচ্ছতা অভিযান কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা , শ্ৰীমন্ত শংকৰ মিশ্যনটো বাপুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগাঁও , ২ অক্টোবৰ : জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও সদৰ মন্ডল আৰু হয়বৰগাঁও মন্ডলৰ উদ্যোগত যুৱ মৰ্চা , মহিলা মৰ্চা আদিকে ধৰি বিভিন্ন মৰ্চাৰ লগতে দলীয় কাৰ্যকতা সকলে নগাঁও পৌৰসভাৰ অন্তৰ্গত বিভিন্ন মহলা সমূহত চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰে । ভাৰতীয় জনতা পাৰ্টিৰ “সেৱা আৰু সমৰ্পন অভিযান” কাৰ্যসূচীৰ অংশ স্বৰূপেই গান্ধী জয়ন্তীৰ পৱিত্ৰ দিনটোত গ্ৰহণ কৰা হৈছে স্বচ্ছতা অভিযান কাৰ্যসূচী । স্বচ্ছতা অভিযানৰ কাৰ্যসূচীৰ অংশ স্বৰপে নগাঁও হয়বৰগাঁও মন্ডলৰ উদ্যোগত হয়বৰগাঁও বজাৰত অনুষ্ঠিত হোৱা চাফাই অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ৰূপক শৰ্মাই । চাফাই অভিযান কাৰ্যসূচীৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি পূণ্যাত্মা গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ইপিনে , উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিশ্যনৰ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত থকা মুখ্য কাৰ্যালয়তো জাতিৰ পিতাৰ ১৫২ সংখ্যক জন্ম দিৱসটো উদযাপন কৰে । শ্ৰীমন্ত শংকৰ মিশ্যন চৌহদত থকা বাপুজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই । আনহাতে , সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁৱৰ মুখ্য কাৰ্যালয় , নগাঁও বেংগলী ছোৱালী হাইস্কুলকে আদি কৰি বিভিন্ন দল-সংগঠনে মহামানৱ মহাত্মা গান্ধীৰ পৱিত্ৰ জন্মদিনটি অনুষ্ঠুপিয়াকৈ উদযাপন কৰে ।