ডিব্ৰুগড়ত ২৭-২৮ নৱেম্বৰত অনুষ্ঠিত হব সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন

279

ডিব্ৰুগড়ত ২৭-২৮ নৱেম্বৰত অনুষ্ঠিত হব সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড়ৰ পৰা ধনটি শইকীয়া , ২ অক্টোবৰঃ ক’ভিডকালীন পৰিস্থিতিৰ বাবে ২০২০ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি অহা ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ হাতীমুৰা গাঁৱত অনুষ্ঠিত হব ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ বিভিন্ন দিশ আলোচনাৰ বাবে আজি সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আৰু অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ মূল বিষয়ববীয়াসকলৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ৰ কছাৰীবাৰীস্থিত সোনোৱাল ভৱনত অনুষ্ঠিত হয় ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাতেই পূৰ্বৰ তিনি দিনীয়া কাৰ্যসূচীৰ বিপৰীতে দুদিনীয়া কাৰ্যসূচী প্ৰস্তুতকৰণৰ বাবে সভাই কৰ্ণধাৰ সমিতিক দায়িত্ব প্ৰদান কৰে ৷ তদুপৰি অহা জ্ঝ অক্টোবৰত বৃহৎ পৰিসৰত কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিৰ আন এক ৰাজহুৱা সভা হাতীমুৰা গাঁৱত অনুষ্ঠিত কৰাৰ বাবেও সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাৰ সভাপতি গুণেশ্বৰ সোণোৱালে উক্ত অধিৱেশনতে তেওঁৰ নিজা প্ৰকাশিত আঠখন গ্ৰন্থ উন্মোচন কৰিব বুলি অৱগত কৰে ৷ সভাত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ড॰ সতীশ চন্দ্ৰ বড়া , যুটীয়া সম্পাদক মিনেশ্বৰ শইকীয়া , ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ফুলেশ্বৰ শইকীয়াকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত বক্তব্য আগবঢ়ায় ৷