গোলাঘাটত প্ৰাৰ্থনা আঁচনিৰ অধীনত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ অত্মীয়লৈ চেক প্ৰদান

193

গোলাঘাটত প্ৰাৰ্থনা আঁচনিৰ অধীনত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ অত্মীয়লৈ চেক প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২ অক্টোবৰ : ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অধীনত আজি গোলাঘাটত ৩২ জন লোকক এক লাখ টকাকৈ চেক প্ৰদান কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক চেকসমূহ বিতৰণ কৰে । অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে , ক’ভিডত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ কাষত ৰাজ্য চৰকাৰ সদায় আছে । তেওঁ এই জটিল সময়ত এনে পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।