বৰপেটাত মিছন বসুন্ধৰাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

190

বৰপেটাত মিছন বসুন্ধৰাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুল জলিল,বৰপেটা, ৩ অক্টোবৰ : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱা সমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ উদ্দেশ্যে অসম চৰকাৰে হাতত লোৱা এক অভিলাসী অভিযান-মিছন বসুন্ধৰাৰ বিষয়ে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটা জিলাত ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে । আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে পতাকা জোকাৰি ইয়াৰ শুভাৰম্ভ কৰে । বৰপেটা জিলাৰ ছটা ৰাজহ চক্ৰৰ বাবে ছখন গাড়ীৰে এই অভিযান আৰম্ভ কৰা হৈছে । প্ৰতিটো ৰাজহ চক্ৰৰ গাৱে-ভূঞে গৈ মাইক যোগে বসুন্ধৰা অভিযানৰ সুবিধা সমূহৰ বিষয়ে ৰাইজক সজাগ কৰা হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে । আজি পুৱা ৮ বজাতে আৰম্ভ হোৱা এই উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে । উল্লেখযোগ্য যে, মাটিৰ হস্তান্তৰকৰণ , নামজাৰী , পট্টাকৰণ , ভূমি নথিৰ সংশোধনী , মাটিৰ শ্ৰেণী পৰিবৰ্তন আদি কাম জনসাধাৰণৰ বাবে সহজতে হোৱাকৈ এই ক্ষেত্ৰত অন লাইন ব্যৱস্থাৰ বাবে বসুন্ধৰা নামৰ এটি পৰ্টেল মুকলি কৰা হৈছে । অহা ৩০ নৱেম্বৰলৈ এই প’ৰ্টেল যোগে ইচ্ছুক ব্যক্তিয়ে আবেদন কৰিব পাৰিব বুলি জনসংযোগ বিষয়াই জনাইছে ।