মুম্বাইত এনচিবিয়ে অভিযান , আটক ৮ জন ড্ৰাগছ সেৱনকাৰী

167

মুম্বাইত এনচিবিয়ে অভিযান , আটক ৮ জন ড্ৰাগছ সেৱনকাৰী

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৩ অক্টোবৰঃ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে শনিবাৰে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টিৰ গোচৰৰ সন্দৰ্ভত আঠজন লোকক আটক কৰে । আটকাধীন লোকসকলৰ ভিতৰত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আছে । বাতৰি অনুসৰি , এনচিবিয়ে দুগৰাকী মহিলাকো আটক কৰিছে । এনচিবিৰ মুৰব্বী এছ এন প্ৰধানে কয় যে , আটকাধীন ব্যক্তিসকলৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী অভিযান চলোৱা হ’ব । এনচিবি মুম্বাইৰ সঞ্চালক সমীৰ ৱানখেড়ে কয় যে ,এই ঘটনাৰ সংক্ৰান্তত আৰিয়ান খান , আৰৱাজ মাৰ্চেণ্ট , মুনমুন ধামেচা , নুপুৰ চাৰিকা , ইমিত সিং , মোহেক জাছৱাল , বিক্ৰান্ত ছোকাৰ , গোমিত চোপ্ৰাক সোধা-পোছা কৰা হৈছে । মন কৰিবলগীয়া যে , সমীৰ ৱানখেড়েৰ নেতৃত্বত এনচিবিৰ এটা দলে শনিবাৰে সন্ধিয়া চোৰাং চোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত গোৱা অভিমুখী এখন ক্ৰুজ জাহাজত অভিযান চলায় । য’ৰ পৰা ড্ৰাগছো উদ্ধাৰ কৰা হৈছে ।