বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি প্ৰদান ব্রাজিলৰ ৮ বছৰীয়া নিক’ল অলিভেৰিয়ালৈ , ছুপাৰ ন’ভা এছ এন ১৯৯৭ ডি আৱিষ্কাৰেৰে চমক

192

বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি প্ৰদান ব্রাজিলৰ ৮ বছৰীয়া নিক’ল অলিভেৰিয়ালৈ , ছুপাৰ ন’ভা এছ এন ১৯৯৭ ডি আৱিষ্কাৰেৰে চমক

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৩ অক্টোবৰঃ বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি লাভ কৰিছে ব্রাজিলৰ আঠ বছৰীয়া কন্যা নিক’ল অলিভেৰিয়াই ৷ দেশখনৰ মহাকাশ আৰু বিজ্ঞানৰ শীর্ষ বিজ্ঞানীৰ সৈতে ইতিমধ্যে নিক’ল অলিভেৰিয়াই কেইবাখনো আন্তর্জাতিক আলোচনা–চক্র আৰু বৈঠকত অংশগ্রহণ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ অংশ হিচাপে থকা গ্রহাণু কার্যসূচীৰ কেইবাটাতো অংশগ্রহণ কৰি বিশ্বৰ বিজ্ঞানী মহলৰ মাজত চর্চিত হোৱা নিক’ল অলিভেৰিয়াই ব্রাজিলৰ প্রখ্যাত জ্যোতির্বিদ ডুলিয়া ডে মেলৰ সৈতে একেখন মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছুপাৰ ন’ভা এছ এন ১৯৯৭ ডি আৱিষ্কাৰেৰে ৮ বছৰীয়া শিশুৱে নিজৰ প্রতিভা বিকশিত কৰাৰ লগতে বিজ্ঞানী মহলক হতবাক কৰি তুলিছে ৷ মহাকাশচাৰী মার্কোছ পণ্টেছৰ সৈতে ব্রাজিলৰ বিজ্ঞান মন্ত্রীৰ সৈতে সাক্ষাৎ লাভ কৰা অলিভেৰিয়াই ইতিমধ্যে নাছাৰ গ্রহাণু কার্যসূচীত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছে ৷ এষ্টৰইড হাণ্টাৰ শীর্ষক প্রকল্পৰ জৰিয়তে নিক’ল অলিভেৰিয়াই মহাকাশত নতুন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল ৷ নাছাৰ দ্বাৰা পঞ্জীয়নকৃত কার্যসূচীত অংশ লৈ আঠ বছৰীয়া নিক’ল অলিভেৰিয়াই বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি লাভ কৰিছে ৷