মৰিগাঁৱৰ চৰাইবাহীত মেঘালী-বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজৰ আলাপ অনুষ্ঠান , গল্প , কবিতা , গীত , নাটকৰ সংলাপেৰে উজলি উঠিল চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গণ

297

মৰিগাঁৱৰ চৰাইবাহীত মেঘালী-বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজৰ আলাপ অনুষ্ঠান , গল্প , কবিতা , গীত , নাটকৰ সংলাপেৰে উজলি উঠিল চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গণ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৩ অক্টোবৰ ঃ কবি সকলে মনৰ অনুভৱবোৰক শব্দৰে খেলি ৰহন সানি জন্ম দিয়ে একো একোটি কবিতাৰ-অসমৰ গুৱাহাটী,ডিব্ৰুগড়,নাৰায়ণপুৰ, লক্ষীমপুৰ,নলবাৰী,হোজাই,নিলবাগান , মৰিগাঁৱৰে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহিত্য অনুৰাগী লোক সকল সামাজিক মাধ্যমত একত্ৰিত হৈ গঠন কৰা সাহিত্য সংস্কৃতিৰ অন্যতম সামাজিক মাধ্যমৰ অনুষ্ঠান মেঘালী বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজৰ আজি মৰিগাঁৱৰ চৰাইবাহীত অনুষ্ঠিত হোৱা দ্বিতীয় সংখ্যক মেঘালী আলাপ অনুষ্ঠানত সঞ্চালক হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে নগাঁৱৰ জেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই ৷ লগতে তেখেতে ভাষণ প্ৰসংগত বৰ্তমান সময়ত সাহিত্যৰ বৌদ্ধিক উত্তৰণত আগভাগ ল’ব লাগিব আজিৰ উঠি অহা নৱ প্ৰজন্মৰ কবি সাহিত্যিকে বুলিও মন্তব্য কৰে ৷ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাহিত্য অনুষ্ঠানটিৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে নগাঁৱৰ জেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই ৷ ইয়াৰ পিছতে বৃক্ষ ৰোপন কৰে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক জিতুমনি বৰদলৈয়ে ৷ সাহিত্যৰ আলাপ অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বালন কৰে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা নাট্য শিল্পী কমল বৰদলৈয়ে ৷ মেঘালী বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজৰ প্ৰশাসক জাহ্নু দেৱ কলিতাই উদ্দেশ্য বাখ্যাৰ আতধৰা আৰু বিশিষ্ট সাংবাদিক,নিবন্ধকাৰ দেৱজিৎ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মেঘালী আলাপ অনুষ্ঠানত শিশু শিল্পী সুনয়না দেৱীৰ বৰগীত পৰিবেশ আৰু শিল্পী ক্ষিৰদা দেৱীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত পৰিবেশনেৰে সাহিত্যৰ অনুষ্ঠানটোত এক সুকীয়া মাত্ৰ বহন কৰে ৷ ইয়াৰ পিছতে অনুষ্ঠানত নাট্য শিল্পী কমল বৰদলৈৰ নাটকৰ সংলাপ,গল্পকাৰ গৌৰৱ ডেকাৰ গল্প পাঠ,দিপু নাথ,বিনয় দাস,কবান কাকতি,মৃণালিনী দেৱী,বৰ্ণালী দেৱী,সাংবাদিক মানস নাথ,ৰাবিয়া বেগম , ফাৰহিন চুলতানা,পৰেশ বৰকাকতি আদিকে প্ৰমূখ্য কৰি প্ৰায় অৰ্ধশতাধিক কবিৰ কবিতা পাঠেৰে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন জীপাল কৰি তোলে ৷