পশ্চিমবংগৰ বিধানসভাৰ উপ–নির্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৃহৎ জয়

181

পশ্চিমবংগৰ বিধানসভাৰ উপ–নির্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৃহৎ জয়

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ৩ অক্টোবৰঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ বিধানসভা আসনত অভিলেখ সংখ্যক ৫৮,৮৩৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে । ভৱানীপুৰ বিধানসভা আসনত মমতাৰ বিজয়ৰ এয়া হেট্ৰিক । বংগৰ হাই প্ৰফাইল ভৱানীপুৰ আসনৰ ভোট গণনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱালক পৰাস্ত কৰে । লক্ষণীয়ভাৱে ভৱানীপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ প্রার্থী প্রিয়ংকাই কম দিনৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও শেষ হাঁহি মাৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । উল্লেখ্য যে , মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা মমতা বেনার্জী কোনো বিধানসভা সমষ্টিৰ প্রতিনিধি নাছিল ৷ সেয়েহে সংবিধান অনুসৰি ৬ মাহৰ ভিতৰত বেনার্জীয়ে বিধায়ক হিচাপে নির্বাচিত হোৱাটো বাঞ্চনীয় আছিল ৷ কিন্তু আজি উপ–নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী বেনার্জীয়ে ভৱানীপুৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হয় ৷