মহামায়া উন্নয়ণ খণ্ডত পঞ্চায়ত সদস্যা-সভাপতিৰ হতাহতি

218

মহামায়া উন্নয়ণ খণ্ডত পঞ্চায়ত সদস্যা-সভাপতিৰ হতাহতি

দুৰ্নীতিৰ দৰ্পণ সেৱা,বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইনৰ বিশেষ প্ৰতিবেদন , ৩ অক্টোবৰঃ মহামায়া উন্নয়ণ খণ্ডৰ আমবাৰী পোনেনয়ানী গাওঁ পঞ্চায়তত চৰকাৰে কেইবা কোটি টকা মোকলাই দিয়ে । কিন্ত উক্ত পূজিঁৰে পঞ্চায়ত সভাপতি কাঞ্চা মণ্ডল আৰু সম্পাদক (সচীব) জনে নিজৰ খেয়াল খুচিৰে আচঁনি যুগতাই উন্নয়ণৰ ধন লুটি আহিছে । এই অভিযোগ ৰাইজে দীৰ্ঘ দিনৰ পৰা উত্থাপন কৰি আহিছে যদিও কোনো বিষয়াই সভাপতিৰ অনিয়মৰ বিৰূদ্বে তদন্তত সাহস গোটাব পৰা নাই । পঞ্চায়তটোৰ সদস্য-সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যই গাওঁ সভাত দিয়া আচনিঁবোৰ বাতিল কৰাক কেন্দ্ৰ কৰি আজিৰ এই হতাহুতি হয় বুলি বাতৰি পোৱা গৈছে । উল্লেখ্য যে , সভাপতি জনে পঞ্চায়ত সদস্যা মমতাজ বেগমক শাৰিৰীক ভাবে অপদস্ত কৰে বুলি আমাক জানিবলৈ দিয়ে । মহামায়া খণ্ড উন্নয়ণ বিষয়াই ঘটনাটো নিষ্পত্তিৰ প্ৰয়াস চলাই যদিও আৰক্ষীয়ে বিশ্বনাথ কৰ্মকাৰ নামৰ সদস্য জনক গ্ৰেপ্তাৰ কৰাত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।