গুৰুজনাৰ জন্মস্থানৰ ঐতিহাসিক কোৱাইকটা সত্রত উতপ্ত পৰিস্থিতি , পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সত্ৰত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লগতে অৰ্ধসামৰিক বাহিনী

243

গুৰুজনাৰ জন্মস্থানৰ ঐতিহাসিক কোৱাইকটা সত্রত উতপ্ত পৰিস্থিতি , পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সত্ৰত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লগতে অৰ্ধসামৰিক বাহিনী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ৩ অক্টোবৰ ঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ দাঁতিকাষৰীয়া এখনি সত্ৰত ভকত বৈষ্ণৱৰ মাজত হতাহতিৰ পৰিস্থিতি উদ্ভৱ হ’ল । ঐতিহ্যমণ্ডিত কোবাইকটা সত্ৰৰ উন্নয়নক লৈ বিতৰ্কৰ সুত্ৰপাত ঘটোৱা নগাওঁ জখলাবন্ধাৰ সত্রাধিকাৰ যুগল কিশোৰ গোস্বামী নামৰ সত্ৰাধিকাৰ গৰাকীয়ে আজি দুপৰীয়াৰ ভাগত কোৱাইকটা সত্রত অনধিকাৰে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এক উতপ্ত পৰিস্থিতিৰ। সত্ৰ উন্নয়নৰ নামত আবন্টিত ধনৰাশি আত্মসাৎ কৰাৰ বাবে এই ঐতিহাসিক সত্ৰ খনক লৈ বিভিন্ন সময়ত এই সত্ৰাধিকাৰ জনে সৃষ্টি কৰি আহিছিল বহু বিতর্কৰ । কিন্তু আজি স্বয়ম্ভূ সত্রাধিকাৰ গৰাকীয়ে মাজুলীৰ দক্ষিণপটীয়া সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীক লগত লৈ এই সত্র খনিত অনাধিকাৰে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এই উতপ্ত পৰিস্থিতি । সত্ৰৰ স্থানীয় ভকত বৈষ্ণ আৰু আই মাতৃ সকলে এই পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সত্ৰত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লগতে অৰ্ধসামৰিক বাহিনী । পিছত নগাওঁ জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণলৈ অহাত দুই গৰাকী সত্ৰাধিকাৰৰ পলায়ন কৰে সত্ৰৰ পৰা । অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ পিছত ভকত বৈষ্ণৱ সকলে সত্ৰত নাম কীৰ্তনো অনুষ্ঠিত কৰে । ইফালে , বিশ্ব হিন্দু মহাসংঘ অসমে কোৱাইকটা সত্রৰ বেদখল সন্দৰ্ভত আজি এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে বিশ্ব হিন্দু মহাসংঘ অসমৰ সম্পাদক বলেন বৈশ্যই । উল্লেখ্য যে , ১৯৮৩ চনত অসম আন্দোলনৰ সময়ছোৱাত অসমৰ পৰিস্থিতি অগ্নিগর্ভা হোৱাত খিলঞ্জীয়া অসমীয়া লোক সকলে ১৯৮৩ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে কোৱাইকটা আৰু নলচা গাওঁ এৰি অন্য স্থানলৈ গুছি গৈছিল । ধিং ৰাজহ চক্ৰৰ ১৬৭ আৰু ২২৭ নং দাগৰ ভূমিখণ্ড সত্ৰৰ নামত আবন্টিত , কিন্তু সেই দিনৰে পৰা একাংশ বেদখলকাৰীয়ে খীলঞ্জীয়াৰ ভূমি বেদখল কৰিছিল । সেই বেদখলকৃত ভূমি আজিকোপতি মুক্ত হোৱা নাই । লগতে কোৱাইকটা সত্রৰ মাহধোৱা পুখুৰীটো একাংশ লোকে দখল কৰি এটা অংশত বেদখলকাৰীয়ে নিৰ্মাণ কৰিছে কবৰস্থান আৰু মছজিদ । তথাপিও হিন্দু লোক নথকা গাঁও খনত স্হানীয় একাংশ মুছলমান লোকে সত্ৰ খনি চোৱা চিতা কৰি আহিছে । লগতে সত্ৰৰ বন্তি চাকি জ্বলি সুৰক্ষিত অবস্থাত আছে এই সত্র খনি আজিকোপতি । হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা এই সত্র খনিলৈ শেহতীয়াকৈ অসম চৰকাৰে সত্ৰ উন্নয়ণৰ বাবে আগবঢ়োৱা ধনৰাশিক লৈ তথাকথিত সত্ৰাধিকাৰ যুগল কিশোৰ গোস্বামীয়ে সত্ৰ উন্নয়নৰ বাবে চৰকাৰী ভাৱে আগবঢ়োৱা ধন আত্মসাৎৰ ফন্দি পতাত সত্ৰৰ ভকত বৈষ্ণৱ সকল উত্তেজিত হৈ আজি এই পৰিস্থিতিৰ সৃষ্টি কৰে । সত্ৰাধিকাৰ গোস্বামী বনাম সত্ৰৰ ভকত বৈষ্ণৱৰ মাজত চলি থকা এই যুঁজে সত্ৰখনিৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে গভীৰ শংকা আৰু সাম্প্ৰতিক অচলাৱস্থা । হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা এই কোৱাইকটা সত্রক কালিমা সনা দুষ্ট চক্রৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দোষীক শাস্তিৰ দাবী জনাইছে কোবাইকটা সত্ৰৰ ভকত বৈষ্ণৱে । আনহাতে , কোবাইকটা সত্ৰত সৃষ্টি হোৱা অচলাৱস্থা দূৰীকৰণৰ বাবে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে সত্ৰৰ ভকত সমাজে । উল্লেখ্য যে , গুৰুজনাৰ জন্মস্থানৰ দাঁতিকাষৰীয়া সত্ৰখনিৰ বন্তি গছি জ্বলাই ৰখাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা পূৰ্বতে দেৱবাদ্য খোল , তাল , ডবা , নেগেৰাৰ উপৰিও তেল , বন্তি আৰু শৰাই নৈবেদ্য বিভিন্ন সময়ত আগবঢ়ায় আহিছে ।