বন্যহস্তীৰ পৰা কৃষকৰ সপোনক ৰক্ষা কৰিবলৈ দা-কটাৰী লৈ ওলাই আহিল মহিলাৰ দল

187

বন্যহস্তীৰ পৰা কৃষকৰ সপোনক ৰক্ষা কৰিবলৈ দা-কটাৰী লৈ ওলাই আহিল মহিলাৰ দল

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ৩ অক্টোবৰ : বন্যহস্তীৰ উপদ্ৰৱৰ পৰা কৃষকৰ সপোনক ৰক্ষণাবেক্ষণ দিবলৈ মৰঙিত এইবাৰ ওলাই আহিল এদল মহিলা ৷ বিগত কেইদিনমান ধৰি মৰঙি মৌজাৰ ধলাগাঁওঁ,তেলীয়া গাঁও , পোৰাজংঘল , ফলঙনি , ফুলবাৰী , বকিয়াল , নাহৰচলা , বগীধলা আদিৰ শালিধানৰ পথাৰত নিশা হ’লেই নামি পৰেহি বন্যহস্তীৰ জাক ৷ এই সময়ত গেঁৰ ধৰি গাখীৰতী হৈ পৰা কোমল ধানবোৰ খাই পথাৰ তহিলং কৰাত মূৰে-কপালে হাত দিছে দুখীয়া কৃষকে ৷ গাঁৱৰ ৰাইজে বন বিভাগৰ সহায় বিচাৰিলেও কোনো গুৰুত্ব নিদিয়ে বন বিভাগৰ লোকে ৷ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য বা দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে ৰাতি গেঁৰধৰা ধাননি পথাৰত নামি পোহৰ হ’লেই আশ্ৰয় লয় ওচৰৰ সৰু হাবিয়নি ঠাইবোৰত ৷ নিয়মীয়াকৈ বন্যহস্তীয়ে আশ্ৰয় ল’বলৈ ধৰা হাবিতলীয়া ঠাইবোৰকে পৰিষ্কাৰ কৰিবলৈ মৰঙিৰ বগীধলাত ওলাই আহিছে স্থানীয় মহিলাসকল ৷ বহু বছৰ ধৰি বন্ধ হৈ থকা বগীধলা চাহ বাগিচাখনো ক্ৰমশঃ পৰিণত হৈছে এখন অৰণ্যলৈ আৰু বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক পথাৰৰ পৰা উঠি সোমাই পৰে বগীধলাত গঢ়ি উঠা কৃত্ৰিম অৰণ্যত ৷ তাৰ পাছত সন্ধিয়া হ’লেই হাতীবোৰ পুনৰ নামি পৰে শালিধানৰ পথাৰত ৷ আগৰ সময়ছোৱাত পথাৰৰ পৰা উঠি যোৱা হাতীবোৰ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত সোমাই পৰিলে কিছুদিনলৈ ৰক্ষা পৰে কৃষকৰ পথাৰবোৰ ৷ কিন্তু বগীধলা বাগিচাৰ অৰণ্যতে হাতীবোৰ দিনৰ ভাগতে থাকিবলৈ লোৱাত এদিনৰ বাবেও ৰক্ষা পৰা নাই পথাৰ তথা গাঁৱৰ ৰাইজ ৷ সেয়ে সুযোগ বুজি আজি হাতীৰ বাসস্থান হৈ পৰা বগীধলা বাগিচাৰ অৰণ্য পৰিষ্কাৰ কৰিবলৈ হাতে হাতে দা-কটাৰী লৈ ওলাই আহিল স্থানীয় মহিলাসকল আৰু হাবি বন কাটি মুকলি কৰিবলৈ ধৰে বগীধলা বাগিচাৰ কৃত্ৰিম অৰণ্যবোৰ ৷ উল্লেখ্য যে , মৰঙিত ভয়াবহ ৰূপ লোৱা হাতী-মানুহৰ সংঘাতত বিগত তিনিমাহ মানৰ ভিতৰতে এশৰো অধিক ঘৰ ধ্বংস হোৱাৰ লগতে দহজনমান মানুহৰ মৃত্যুও হৈছে ৷ বন বিভাগ তথা চৰকাৰৰ দ্বাৰাও উপেক্ষিত দুখীয়া কৃষকৰ পৰিয়ালৰ মহিলাসকলো এইদৰে ওলাই আহিবলগা হোৱাটোৱেই হাতী-মানুহৰ সংঘাত ৰোধত বন বিভাগ তথা চৰকাৰৰ চৰম ব্যৰ্থতাকে তুলি ধৰিছে বুলি মত প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে ৷ খেতি পথাৰক ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে কৃষি বীমাকৰণৰ যোগেদি হ’লেও কৃষকক ক্ষতিপূৰণ দিয়া উচিত বুলি কয় গোস্বামীয়ে ৷