কোৱাইকটা সত্ৰত বিশ্ব হিন্দু মহাসংঘৰ অবস্থান ধৰ্মঘট , সত্ৰ ভূমি বেদখল মুক্ত দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

211

কোৱাইকটা সত্ৰত বিশ্ব হিন্দু মহাসংঘৰ অবস্থান ধৰ্মঘট , সত্ৰ ভূমি বেদখল মুক্ত দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,পুলিন কাকতি , ভুৰাবন্ধা , ৩ অক্টোবৰ : ৰবিবাৰে বিশ্ব হিন্দু মহাসংঘ অসমৰ উদ্যোগত কোৱাইকটা সত্র সন্মুখত বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কোৱাইকটা সত্ৰ ভূমি বেদখল মুক্ত কৰা দাবিৰে সত্ৰৰ নিচেই কাখতে এক অবস্থান ধমঘট পালন কৰাৰ লগতে ৰূপহীহাট চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । অনুষ্ঠানত উপস্থিত থাকি বিশ্ব হিন্দু মহা সংঘাৰ ৰাজ্যিক সভাপতি তথা মাজুলি দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰ জনাৰ্দ্দন গোস্বামীয়ে এইসত্ৰ মাটি বেদখল মুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ কৰে । আনফালে , সম্পাদক বলেন বৈশ্যই এই বেদখলক এক হতাশজনক বুলি মন্তব্য কৰে । আনফালে , এইজন জামিনি দাসে নিজকে কোৱাইকটা সত্ৰৰ স্বয়ম্ভূ গৰাকী বুলি নিজৰ কৰ্মকাণ্ডই দাবী কৰাই নহয় , আজি বিশ্ব হিন্দু মহাসংঘৰ সভাপতি তথা সত্ৰ নগৰী মাজুলি দক্ষিণপাট সত্ৰ সত্ৰাধিকা জনাৰ্দ্দন দেৱ গোস্বামী প্ৰভুকো সেই সত্ৰত প্ৰবেশ কৰাত বাধা দিয়াৰ লগতে সত্ৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰে। এই ক্ষেত্ৰত উপস্থিত ৰাইজে জামিনি দাসক কঠোৰ সমালোচনা কৰে ।