নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্র-ছাত্ৰী ৰাইজৰ প্ৰতিবাদ , ব্যবস্থা গ্রহণৰ দাবী

200

নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্র-ছাত্ৰী ৰাইজৰ প্ৰতিবাদ , ব্যবস্থা গ্রহণৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগৰবেৰা , ৪ অক্টোবৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলেম উদ্দিনৰ বিৰুদ্ধে আজি বিদ্যালয় চৌহদতে ছাত্র-ছাত্ৰী ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । জ্ঞানৰ মন্দিৰত অনিয়মৰ পোহাৰ নমস্য শিক্ষাগুৰুৰ,শিক্ষানুষ্ঠানত প্ৰধান শিক্ষকৰ দ্বায়িত্ব পাই সোঁৱে-বাওঁয়ে কৰিছে লুণ্ঠনৰ ফন্দি । অৱশেষত চেগ বুজি পোকে খোৱা চাউল বিলাবলৈ লওতেই হাতে-লোটে ধৰিলে ধুৰন্ধৰ শিক্ষকক । নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি , প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজ-ছাত্ৰ-ছাত্ৰীৰ । ছমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক মোছলেম উদ্দিন যেন অনিয়মৰ সদাগৰহে। প্ৰধান শিক্ষক গৰাকীৰ অনিয়ম সন্দৰ্ভত ৰাইজে মৌখিক,লিখিত অভিযোগ বহু দিলে সংশ্লিষ্ট উৰ্ধতম কতৃপক্ষক । পিছে ৰাইজৰ অভিযোগৰ সমান্তৰালকৈ ইটোৰ পাছত সিটোকৈ শিক্ষক গৰাকীয়ে শিক্ষানুষ্ঠান খনত চলাই গৈছে লুণ্ঠন । বিদ্যালয় নহয় যেন খীৰতি গাই এটাহে । আন্তঃগাঁথনিৰ ধন প্ৰধান শিক্ষকৰ জেপত, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম’ত অনিয়মৰ হিচাপ-পাতি দিয়াৰ নাম-গোন্ধেই নাই বুলি অভিযোগ উিঠেছ । অভিযোগ মতে, মুঠতে গুৰু গোঁসাই নমনাকৈ প্ৰধান শিক্ষক গৰাকীয়ে চলাইছে বিদ্যালয়খন । সোমবাৰে সুদীৰ্ঘ প্ৰায় বছৰ দিনৰ অন্তত ছাত্ৰ-ছাত্ৰীক বিলাবলৈ লৈছে পোকে খোৱা মধ্যাহ্ন ভোজনৰ চাউল । পোক ভৰ্তি চাউলখিনি বিলাবলৈ লওঁতেই ৰাইজে জবাবদিহি কৰে প্ৰধান শিক্ষক গৰাকীক আৰু বিদ্যালয় চৌহদতে ছাত্ৰ-ছাত্ৰী,ৰাইজ মিলি শিক্ষক গৰাকীৰ শাস্তিৰ দাবীত সাৱ্যস্ত কৰে এই উত্তাল প্ৰতিবাদ । স্মৰ্তৱ্য যে ,ৰাইজে ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়ালৈ শিক্ষক গৰাকীৰ অনিয়মৰ বহু অভিযোগ দাখিল কৰা স্বত্বেও ফল নধৰিল । ৰাইজে জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈও দাখিল কৰিছে একেই অভিযোগ । প্ৰশ্ন হয়-ৰাইজৰ অভিযোগক মান্যতা দি আগলৈ শিক্ষা বিভাগে শাস্তিৰ দিহা কৰিবনে হাতদীঘল প্ৰধান শিক্ষক গৰাকীক ?