তামুলপুৰত ভুৱা টেট শিক্ষক আটক

199

তামুলপুৰত ভুৱা টেট শিক্ষক আটক

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৪ অক্টোবৰঃ তামুলপুৰত সোমবাৰে তিনি গৰাকী টেট শিক্ষকক আটক কৰি বিশেষ অনুসন্ধান শাখা গুৱাহাটীলৈ লৈ যায় আৰক্ষীয়ে । ভুৱা প্ৰমাণ পত্ৰৰে একাংশ প্ৰাৰ্থীয়ে টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে পোহৰলৈ আহিল টেট শিক্ষকৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ তথ্য । যোৱা ২৪ ছেপ্টেম্বৰত বিটিচি শিক্ষা সঞ্চালকৰ পৰা ৫২ জনীয়া ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছিল । তাৰ আধাৰতে আজি বাক্সা জিলাত নিযুক্তি লাভ কৰা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনি গৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে । টেট শিক্ষয়িত্ৰী কেইগৰাকী ক্ৰমে কাজলী বড়ো (ঢোলকুছী হাইস্কুল) অনিতা বড়ো (দেউলকুছী হাইস্কুল) আৰু ভৱানী বড়ো( দ্বাৰকুছি হাইস্কুল)ত কৰ্মৰত আছিল । বাক্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চি আই ডিয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত শিক্ষক তিনিগৰাকীক দেউলকুছিস্থিত নিজ বাসগৃহৰ পৰা আটক কৰে আৰু বিশেষ অনুসন্ধান শাখা গুৱাহাটীলৈ লৈ যায় আৰক্ষীয়ে ।