ভাৰত-পাকিস্তান যুদ্ধৰ ৫০ বছৰীয়া ইতিহাস সুঁৱৰি ডিগবৈত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত স্বৰ্নীম বিজয় বৰ্ষ উদযাপন

185

ভাৰত-পাকিস্তান যুদ্ধৰ ৫০ বছৰীয়া ইতিহাস সুঁৱৰি ডিগবৈত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত স্বৰ্নীম বিজয় বৰ্ষ উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ৫ অক্টোবৰ : ভাৰতীয় সেনা বাহিনী ১৮ নং গাৰোৱাল ৰেজিমেণ্ট , ১৪ নং ৰাজপুত ৰেজিমেণ্ট আৰু আসাম ৰেজিমেন্টৰ সহযোগত স্বৰ্নীম বিজয় বৰ্ষ উপলক্ষে আজি ডিগবৈত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় । ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ৫০ বছৰীয়া ইতিহাস সুঁৱৰি এই বিশেষ কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ এই বিজয় উৎসৱৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বৰ্ষযোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী উদ্‌যাপন কৰা হৈছে ৷ এই উৎসৱৰ লগত সংগতি ৰাখি আজি সোণালী জয়ন্তী বৰ্ষৰ অগ্নিশিখা ডিগবৈত আজি উপস্থিত হয় ৷ আৰু ডিগবৈৰ ঐতিহাসিক জুবিলি খেলপথাৰত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দেশ প্ৰেমমূলক গীতেৰে উদ্বেলিত হৈ পৰা ডিগবৈ জুবিলি খেলপথাৰত ভাৰতীয় সেনা বাহিনীৰ বেক পেপাৰ বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে ডিগবৈৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এন চি চি প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানত ডিগবৈৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত সেনা জোৱান সকলক সম্বৰ্দ্ধিত কৰাৰ লগতে যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱান সকলৰ পত্নীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা কেইবাজনো অৱসৰপ্ৰাপ্ত জোৱানে যুদ্ধৰ পৰিৱেশ সুৱঁৰি বক্তব্য প্ৰদান কৰে ৷ স্বৰ্নীম বিজয় বৰ্ষৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপায়ুক্ত পাৱাৰ নাছিং চাম্ভাজী , দ্বিতীয় মাউন্টেইন ডিভিজনৰ জি অ চি মেজৰ জেনেৰেল নবীন স্বৰদেৱা , ৭৩ মাউন্টেইন ডিভিজনৰ ব্ৰিগেডিয়াৰ শচীন মেহতা , ১৪ নং আসাম ৰেজিমেণ্টৰ দিপক টোমাৰ , ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ চি অ কুশল জন , প্ৰাক্তন সৈনিক বিনোদ বৰুৱাৰ লগতে এ অ চিৰ বহু কেইজন উচ্চপদস্থ বিষয়া অনুষ্ঠানটোত উপস্থিত থাকে ৷