বন বিভাগৰ উদ্যোগত নীলবাগানৰ বিদ্যালয়ত গছপুলি ৰোপন

194

বন বিভাগৰ উদ্যোগত নীলবাগানৰ বিদ্যালয়ত গছপুলি ৰোপন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , আছাদুৰ ৰহমান , ৫ অক্টোবৰ : হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বনসুৰক্ষা বাহিনীৰ উদ্যোগত আজি ২১ জোপা গছপুলি ৰূপন কৰা হয় ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো জিলাৰ ডিএফঅ’ক প্ৰতিখন জিলাৰ বিদ্যালয় সমূহত গছপুলি ৰূপন কৰাৰ নিৰ্দেশ দিছিল ৷ সেই মতে , আজি হোজাইৰ ডিএফঅ’ গুনদীপ দাসে হোজাই বনসুৰক্ষা বাহিনীৰ বিষয়া শ্বামিম আখতাৰক নিৰ্দেশ দিয়াত বিষয়া গৰাকীয়ে বনসুৰক্ষা বাহিনীৰ বিষয়া-কৰ্মচাৰী সকলক লগত লৈ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিভিন্ন ধৰণৰ ২১ জোপা গছপুলি ৰূপন কৰে ৷ এই সন্দৰ্ভত হোজাই বনসুৰক্ষা বাহিনীৰ বিষয়া শ্বামিম আখতাৰে কয়-অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি আমি গছপুলি ৰূপন কৰিবলৈ এইখন বিদ্যালয়ত উপস্থিত হৈ ২১ জোপা গছপুলি ৰুপন কৰিছো ৷ এই বৃক্ষ ৰোপনৰ দ্বাৰা বভিষ্যৎ প্ৰজন্ম নিশ্চয় উপকৃত হব বুলি মন্তব্য কৰে ৷ বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাই এই গছপুলি ৰূপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ৷ উল্লেখ্য যে , বিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থীৰ লগতে হোজাইৰ ডেপুটি ৰেঞ্জাৰ মহেশ নাথ,নীলবাগান প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি কফিল উদ্দিন বৰভুঞা সহ বন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷ ইপিনে , আজি ডবকা- নীলবাগানৰ ৬ খন চৰকাৰী বিদ্যালয়ত ২১ জোপাকৈ বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কৰা হৈছে ৷