ম’ষ্ট ৱাণ্টেড মিজু অৱশেষত আৰক্ষীৰ জালত

199

ম’ষ্ট ৱাণ্টেড মিজু অৱশেষত আৰক্ষীৰ জালত

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ৬ অক্টোবৰঃ অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল নকল সোণ আৰু নকল টকাৰ মাষ্টাৰমাইণ্ড মিজু ৷ দীৰ্ঘ দিনে নকল সোণ আৰু নকল টকাৰে ঠগ–প্ৰৱঞ্চনা কৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে ৷ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৰুজ দলেৰ নেতৃত্বত বিহপুৰীয়াত গ্ৰেপ্তৰ কৰে মিজুৰ লগতে চাইদুল ইছলাম নামৰ অন্য এটা প্ৰৱঞ্চকক ৷ উল্লেখযোগ্য যে , দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ ৰমৰমীয়া বেহা ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বহু লোকক ঠগিছিল এইজন মিজুৱে ৷ গ্ৰেপ্তাৰ হোৱাৰ পুৰ্বে আৰক্ষীৰ লগত মিজুৰ সু–সম্পৰ্ক আছিল বুলিও অভিযোগ উত্থাপিত হৈছিল । আনহাতে , বিদ্যালয়ৰ বাৰান্দা গছকি নোপোৱা মিজুয়ে কেৱল নকল সোণ , নকল টকাৰে ঠগ প্ৰৱঞ্চনা আৰু জুৱা খেলি অগাধ সম্পত্তিৰ মালিক হৈছিল ৷ বিলাসী গাড়ী , প্ৰাসাদোপম ঘৰৰ মালিক মিজু ৷ সম্পূৰ্ণ অনিয়মেৰে অৰ্জন কৰা এই সম্পত্তি সমূহ বাজেয়াপ্ত কৰিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে ৷