লাইট কেমেৰা এক্সন’ৰ এক ব্যতিক্ৰমী প্ৰয়াস , শাৰদীয় দূৰ্গা পূজাত বজাৰলৈ আহিব অসমীয়া চুটি ছবি ফুলমণি

208

লাইট কেমেৰা এক্সন’ৰ এক ব্যতিক্ৰমী প্ৰয়াস , শাৰদীয় দূৰ্গা পূজাত বজাৰলৈ আহিব অসমীয়া চুটি ছবি ফুলমণি

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : শিৱসাগৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী লাইট কেমেৰাৰ এক্সনৰ বেনাৰত নিৰ্মাণ হোৱা ” ফুলমণি ” নামৰ চুটি ছবি খন অহা ৮ অক্টোবৰত শুভমুক্তি দিয়া হব । চাহ বাগিছা অঞ্চলৰ শিক্ষাক মূল বিষয় হিচাবে লৈ নিৰ্মাণ হোৱা চুটি ছবিখনৰ কাহিনী , চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনা আক্ৰাম হুছেইনৰ । অভিনয়ত আছে, কেৰিনিকা মিশ্ৰ , আকিবুজ জামান, কবিতা কৰ্মকাৰ, কুল ৰাজ মোহন, প্ৰিয়া চৌধুৰী , লাকি গগৈ ,আৰু শিশু শিল্পী টিয়ানা কলিতা দাস। ৰূপসজ্জা ৰিমি গগৈৰ , আৱহ সংগীত সৌৰভ বৰুৱাৰ,সম্পাদনা আৰু ডি অ পি মুকুন্দ মাধৱ বৰাৰ । দৃশ্যগ্ৰহণ কৰিছে মান্নান আহমেদে । পুন: শব্দগ্ৰহণকাৰী হিচাবে আছে সৌৰভ বৰুৱা।হামিং আচিফ আলম,পাৰ্থ প্ৰতিম গগৈ,ৰশ্মি গগৈ,ৰিচিতা শইকীয়া । লাইটত আছে আয়াজ । উক্ত চুটি ছবিখন অসমৰ জনপ্ৰিয় ইউটিউৱ চেনেল ধ্বনি মিউজিকত উপলব্ধ হব বুলি পৰিচালক আক্ৰামে জানিবলৈ দিয়ে ।