ধুবুৰী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাজীৱ শৰ্মা পলাতক,ধৰ্ষণ,ঠগ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত

1709

ধুবুৰী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাজীৱ শৰ্মা পলাতক,ধৰ্ষণ,ঠগ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ , ৭ অক্টোবৰ ঃ ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাজীৱ শৰ্মা বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে । কিয়নো,বিতৰ্কিত তথা ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে নাৰী কেলেংকাৰীৰ অভিযোগত অভিযুক্ত হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাই ধুবুৰী জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষকৰ লগত চিনাকী বুলি সাংবাদিক ৰাজীৱ শৰ্মাই বুকু ফালি পৰিচয় দি নিম্ন পৰ্যায়ৰ বিষয়াক শাসন কৰা বুলিও অভিযোগ পোৱা গৈছে । ইয়াৰ উপৰিও সমগ্ৰ ধুবুৰী জিলাত সাংবাদিকৰ নামত এক ত্ৰাসৰ সৃষ্টি কৰি সৰ্ব সাধাৰণ ৰাইজক হাৰাশাস্থি কৰা বুলিও অভিযোগত প্ৰকাশ । সকলো বিতৰ্কিত অধ্যায় অতিক্ৰম কৰি ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাই এইবাৰ যুৱতীক ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে জানিব পৰা গৈছে । এই বিষয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত ১৩৬৪/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে । ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ ভণ্ডামীৰ ইমানেই বৃদ্ধি পাইছিল যে , সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ বিষয়াৰ লগতো ভণ্ডামী আৰম্ভ কৰিছিল । যাৰ পৰিণতিত ধুবুৰী জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক যুৱৰাজ সিঙৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । ইয়াৰ উপৰিও ধুবুৰী জিলাৰ প্ৰাক্তন ডি এফ অৰ পত্নীক অশ্লীন ইংগীত দিছিল বুলিও উক্ত সময়ত অভিযোগ উঠিছিল । বৰ্তমান নগাঁও জিলাৰ এক যুৱতীক ধৰ্ষণ কৰাৰ উপৰিও ঠগ প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ উঠিছে । অভিযোগ মতে, এক বছৰ মান আগত বিবাহ সম্পৰ্কীয় ৱেৱ ছাইটৰ জৰিয়তে এক যুৱতীৰ লগত চিনাকি হয় ৰাজীৱ শৰ্মাৰ । উক্ত চিনাকী হোৱাৰ পিছত সাংবাদিক ৰাজীৱ শৰ্মাৰ বিবাহ বিচ্ছেদ হৈছে বুলিও যুৱতী গৰাকীক অৱগত কৰাৰ উপৰিও উক্ত যুৱতী গৰাকীক বিবাহৰ প্ৰস্তাৱ দিয়ে । তাৰ পিছত ৪-১২-২০২০ তাৰিখে সাংবাদিক ৰাজীৱ শৰ্মাৰ জন্ম দিনত ধুবুৰীৰ জিলাৰ গৌৰীপুৰৰ ঘৰত নিমন্ত্ৰণ কৰি যুৱতী গৰাকীক সাংবাদিক ৰাজীৱ শৰ্মাৰ আত্মীয় স্বজনৰ লগত পৰিচয় কৰি দিয়াৰ উপৰিও বিভিন্ন কামৰ অজুহাতত যুৱতী গৰাকীক সাংবাদিক ৰাজীৱ শৰ্মাই বিভিন্ন ঠাইত লৈ গৈ ধৰ্ষণ কৰি থকাৰ উপৰিও অবৈধভাৱে শাৰিৰীক সম্পৰ্ক অব্যাহত ৰাখিছিল বুলি এজাৰহাৰত উল্লেখ কৰা হৈছে । কিন্ত যোৱা ছয় মাহ ধৰি উক্ত যুৱতী গৰাকীৰ লগত সম্পৰ্ক এৰাই চলিবলৈ বিভিন্ন অজুহাত দেখুওৱাই আহিছিল বুলি অভিযোগত প্ৰকাশ । পিছত উপায়হীন হৈ উক্ত যুৱতী গৰাকীয়ে বিভিন্ন ধৰণৰ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে, সাংবাদিক ৰাজীৱ শৰ্মাৰ আগৰ স্ত্ৰীৰ লগত বৰ্তমানেও সু-সম্পৰ্ক অব্যাহত আছে যদিও আগৰ স্ত্ৰীৰ লগত বিবাহ বিচ্ছেদ হৈছে বুলি উল্লেখ কৰি উক্ত যুৱতীৰ আগত প্ৰকাশ কৰি আন এক প্ৰৱঞ্চনা কৰিছে বুলি এজাহাৰত প্ৰকাশ কৰিছে । যাৰ বাবে উক্ত ঘটনাৰ ন্যায় বিচাৰি ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৪২০/৪০৬/৪১৭ ধাৰাত ১৩৬৪/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে যদিও ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাজীৱ শৰ্মা বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া বিষয় হৈছে যে , উক্ত বিতৰ্কিত তথা ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে , সেয়াও লক্ষ্যনীয় বিষয় হৈ পৰিছে ।