ভৱানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ দাস নাথক আদৰণি

196

ভৱানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ দাস নাথক আদৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ৬ অক্টোবৰঃ টিকট লাভ কৰাৰ পাছতেই ভৱানীপুৰ সমষ্টিত বুধবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসক বিশাল বাইক ৰেলীৰে আদৰণি জনায় কংগ্ৰেছে ভৱানীপুৰত আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ ৰণডংকা বজায় । ভৱানীপুৰ সমষ্টিৰ কংগ্ৰেছৰ কেইবা শতাধিক সমৰ্থকে বুধবাৰে বিয়লি বিশাল সমদলেৰে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসক এখন জীপত উঠায় ভৱানীপুৰ সমষ্টিৰ পূৱ মূৰৰ দেনাৰটাৰীৰ পৰা ভৱানীপুৰ চ’ক বজাৰ হৈ শুকমানাহ , মাজগাঁও , সৰুপেটাৰ ভৱানীপুৰ ৰাজীৱ ভৱনত সমবেত হয় । ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ইছমাইল হুছেইনে পৰিচালনা কৰা সভাখনত দলৰ মনোনীত প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে দলীয় কৰ্মীসকলক বিনামূলীয়া চাউল দিয়া বিজেপিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি হিতাধিকাৰীসকলক কিমান ফাকি দি চৰকাৰ চলাই আছে , তাক ভোটাৰ ৰাইজক বুজাই দিবলৈ আহ্বান জনায় । লগতে তেওঁ ভৱানীপুৰ সমষ্টিটো উপ নিৰ্বাচনত ৭০ হাজাৰ ভোট লাভ কৰি বিজয়ী সাব্যস্ত কৰিব বুলি দাবী কৰে । সভাখনত জালাহ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি গনেশ সৰকাৰ , ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতুমণি তালুকদাৰ,বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ধনজিৎ তালুকদাৰ , ভৱানীপুৰ সমষ্টি যুৱ কংগ্ৰেছ সভাপতি মকিবুল ইছলাম , শুকমানাহ মণ্ডল কংগ্ৰেছৰ সভাপতি কাজি মুসাহিদুৰ ৰহমানৰ লগতে পাঁচ শতাধিক কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ।