ক’ভিড বিধি কঠোৰভাৱে মানিব লাগিব , প্ৰশিক্ষকৰ সভাত বজালীৰ উপায়ুক্ত

187

ক’ভিড বিধি কঠোৰভাৱে মানিব লাগিব , প্ৰশিক্ষকৰ সভাত বজালীৰ উপায়ুক্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ৮ অক্টোবৰঃ বজালী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক প্ৰশিক্ষণ প্ৰদান কৰিব লগা বিশেষ প্ৰশিক্ষকসকলৰ উপায়ুক্তৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বিশেষ প্ৰশিক্ষক সকলক কয় যে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক ক’ভিড বিধি পূৰ্ণ শতাংশই মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰশিক্ষক সকলে ভোট গ্ৰহণ কৰিবলৈ যোৱা বিষয়া সকলক বিস্তাৰিত ভাৱে অবগত কৰিব। আনহাতে ভোট গ্ৰহণকাৰী বিষয়া সকলে কভিডৰ দুয়ো পালি প্ৰতিষেধক লব লাগিব আৰু যাৰ দ্বিতীয় পালি লোৱাৰ সময় হোৱা নাই সেই সকলে ভোট গ্ৰহণৰ ৭২ ঘণ্টা পূৰ্বে ক’ভিডৰ পৰীক্ষা নিশ্চিতভাবে কৰিব লাগিব বুলি উপায়ুক্তই কোৱাৰ উপৰিও এই বিষয়ে ভোট গ্ৰহণ কৰিবলগীয়া বিষয়া সকলক জনাবলৈ তেও প্ৰশিক্ষক সকলক আহ্বান জনায়। ভোটগ্ৰহণকাৰী বিষয়াৰ লগতে ভোটদাতা ৰাইজকো কভিড সম্পৰ্কত সতৰ্ক আৰু কভিড বিধি কঠোৰ ভাবে পালন কৰিবলৈ উপায়ুক্ত দেব চৌধুৰীয়ে আজিৰ বৈঠকত বিশেষ প্ৰশিক্ষক সকলক এই বিষয়ে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলৰ মাজত সজাগতা আনিবলৈ আহ্বান জনায়। বৈঠকত নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰো উপস্থিত থাকে।