মৰিগাঁৱত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষ্যে হাড়গিলা চৰাই দিৱস উদযাপন

226

মৰিগাঁৱত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষ্যে হাড়গিলা চৰাই দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ভূৰবন্ধা , ৮ অক্টোবৰ : যোৱা ২ ৰ পৰা ৮ অষ্টোবৰলৈ মৰিগাঁৱত অনুষ্ঠিত হোৱা ৬৭ সংখ্যক বন্যপাণী সপ্তাহৰ সৈতে সংগতি ৰাখি ৭ অষ্টোবৰত হাড়গিলা সংৰক্ষক (Hargila Saviours ) টিমৰ তৰফৰ পৰা হাড়গিলা চৰাই দিৱস পালন কৰা হয় । মৰিগাঁও আঞ্চলিক বন বিষয়াৰ উপস্থিতিত মৰিগাওঁ বন বিভাগৰ সহযোগত হাড়গিলা দিৱসটি পালন কৰা হয় । হাড়গিলা সংৰক্ষণ টিমৰ মূল সদস্য লোকেন্দ্ৰ ছেত্ৰীয়ে জৈৱবৈচিত্ৰ তথা হাড়গিলা সংৰক্ষণৰ ওপৰত বক্তব্য দাঙি ধৰে । অনুষ্ঠানত আঞ্চলিক বন বিষয়া দেবব্ৰত গগৈয়ে বক্তব্য প্ৰদান কৰি উল্লেখ কৰে যে , মৰিগাওঁ জিলাৰ বিভিন্ন অঞ্চলত হাড়গিলা চৰাই সংৰক্ষনৰ ক্ষেত্ৰত জিলা বন বিভাগে অনাগত সময়ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি আস্বাস প্ৰদান কৰে । আনহাতে , উপ আঞ্চলিক বন বিষয়া গৰাকীয়েও বন্যপ্ৰাণী সপ্তাহৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য দাঙি ধৰে । লগতে বিষয়াগৰাকীয়ে ধৰাৰ বুকুৰ পৰা ক্ৰমান্থয়ে লুপ্ত হ’বলৈ ধৰা হাড়গিলা চৰাই সংৰক্ষক ঘনেন্দ্ৰ বৰা , টাইফুৰ আহমেদ , ৰাজনিশ মহন্ত আজিজ আহমেদ তথা সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰে ।