কাছুমাৰা মঁহচৰা জুনিয়ৰ ভাইটি ক্লাৱৰ উদ্দোগত অনুষ্ঠিত প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সফল সামৰনি,গৰৈমাৰী ৰিজুৱান নাইন ষ্টাৰ ক্ৰিকেট দল চেম্পিয়ন

66
কাছুমাৰা মঁহচৰা জুনিয়ৰ ভাইটি ক্লাৱৰ উদ্দোগত অনুষ্ঠিত প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সফল সামৰনি,গৰৈমাৰী ৰিজুৱান নাইন ষ্টাৰ ক্ৰিকেট দল চেম্পিয়ন
 
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰাঃ ১ জুনঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা মঁহচৰা জুনিয়ৰ ভাইটি ক্লাৱৰ উদ্দোগত আন্ডাভাঙা  আজগৰ আলী মেমোৰিয়েল হাইস্কুল খেল পথাৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা বুধবাৰে সফলভাৱে সম্পন্ন হয়। ৩০,৩১ মে আৰু ১ জুন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ক্ৰিকেট খেল প্ৰতিযোগিতাৰ।উক্ত প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় কুৰি টা ক্ৰিকেট দলে অংশ গ্ৰহণ কৰে। বুধবাৰ দিনা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰিজুৱান নাইন ষ্টাৰ ক্ৰিকেট দল আৰু কাছুমাৰা মঁহচৰা জুনিয়ৰ ভাইটি ক্লাৱ ক্ৰিকেট দলৰ মাজত চুড়ান্ত পৰ্যায়ৰ খেল খন অনুষ্ঠিত হয়। চুড়ান্ত বিজয়ৰ সন্মান লাভ কৰে গৰৈমাৰী ৰিজুৱান নাইন ষ্টাৰ ক্ৰিকেট দলে,ম্যান অৱ দা মেচ ভাইটি ক্লাৱ ক্ৰিকেট দলৰ খেলুৱৈ পাৰ্থ পাটগিৰিক প্ৰদান কৰে।খেল সমাপ্তিৰ পিছত আশ্ৰাফুল ইছলামৰ পৌৰহিত্বত অনুষ্ঠিত হয় মুকলি ও বটা বিতৰণী সভা, উক্ত মুকলি ও বটা বিতৰণী সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিন্টু হাজৰিকা,বিশিষ্ট অতিথি  ৰফিকুল ইছলাম সাধাৰণ সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটি, আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে ছামছুল হক অৱসৰপ্ৰাপ্ত প্ৰাধান শিক্ষক আন্ডাভাঙা এম ই মাদ্ৰাছা, শ্বহিদুল ইছলাম সাধাৰণ সম্পাদক চেঙা সমষ্টি যুৱ কংগ্ৰেছ, শ্বৰিফুল ইছলাম, নবিৰ হুছেন মোল্লা, জুল হক, খুৰশেদ আলম, আব্দুল বাতেন, লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।