ডিগবৈৰ পল্লৱী শইকীয়াৰ সুখ্যাতি অৰ্জন , সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈলৈ কঢ়িয়াই আনিলে গৌৰৱ

368

ডিগবৈৰ পল্লৱী শইকীয়াৰ সুখ্যাতি অৰ্জন , সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈলৈ কঢ়িয়াই আনিলে গৌৰৱ

দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ৯ অক্টোবৰঃ মুম্বাইত LIVA MISS DIVA সৌন্দৰ্য্য প্ৰতিযোগিতাত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি TIMES MISS TALENTED খিতাপ অৰ্জন ডিগবৈৰ পল্লৱী শইকীয়াৰ ৷ মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতা LIVA MISS DIVA 21 ত দুটাকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ডিগবৈ টিংৰাইৰ অসমীয়া গাওঁৰ পল্লৱী শইকীয়াই । সৌন্দৰ্য প্ৰতিযোগিতাত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি TIMES MISS TALENTED খিতাপ দখল কৰাৰ লগতে LIVA TOP MODEL পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হয় পল্লৱীয়ে । মুম্বাইৰ Famous studio ত যোৱা ৫ ছেপ্তেম্বৰ ৰ পৰা ৩০ ছেপ্তেম্বৰ লৈকে অনুষ্ঠিত হোৱা এই সৌন্দৰ্য্য প্ৰতিযোগিতাখনিত উত্তৰ পুৰ্বাঞ্চলৰ এক মাত্ৰ প্ৰতিযোগী পল্লৱীয়ে অংশগ্ৰহণ কৰি শীৰ্ষ দহ গৰাকীৰ ভিতৰত নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হোৱাৰ উপৰিও ৰাজ্য তথা ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল প্ৰতিযোগিতাখনিত । ডিগবৈৰ আগশাৰী ব্যক্তিগত শিক্ষানুষ্ঠান দি লিটল ষ্টাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা পল্লৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত ফলাফলত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে । মেধা সম্পন্ন পল্লৱী সত্ৰীয়া নৃত্য,ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীততো বিশাৰদ । পল্লৱী শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জেষ্ঠ্য কন্যা । পল্লৱীৰ সাফল্যত পৃতি আৰু মাতৃৰ উৎফুল্লিত হোৱাৰ উপৰিও ডিগবৈবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ৷