Super Dancer Chapter 4 ৰ চেম্পিয়ন অসমৰ ফ্লোৰিনা গগৈ

227

Super Dancer Chapter 4 ৰ চেম্পিয়ন অসমৰ ফ্লোৰিনা গগৈ

দুৰ্নীতিৰ দৰ্পণ ,ষ্টাফ ৰিৰ্পটাৰ , ১০ অক্টোবৰ : অসমৰ ফ্লোৰিনা গগৈয়ে ১৫ লাখ টকাৰ পুৰষ্কাৰৰ সৈতে ট্ৰফী লাভ কৰিছে । লগতে ফ্লোৰিনাৰ গুৰু তুষাৰ চেট্টীকো নগদ পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰে পুৰস্কৃত কৰা হৈছে । বিগত কেইবামাহ ধৰি প্ৰতি সপ্তাহতে সম্প্ৰচাৰ হোৱা ছনি টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 ত অসমৰ জিয়ৰী ফ্লোৰিনা গগৈয়ে বিজয়ী খিতাপ অৰ্জন কৰিছে । শনিবাৰে গ্ৰেণ্ড ফাইনেলৰ এই যুঁজত শ্ব’টোৰ প্ৰতিযোগী ফ্লোৰিনা গগৈয়ে আন ৪ গৰাকী প্ৰতিদ্বন্দীক পৰাস্ত কৰি ট্ৰফী নিজৰ দখল কৰিছে । উল্লেখ্য যে , অনুষ্ঠানটোৰ ৰানাৰ্ছ-আপ হোৱা ৪ জন প্ৰতিযোগীয়ে পুৰস্কাৰ হিচাপে ১ লাখ টকা লাভ কৰিছে । বিগত মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা এই নৃত্য অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডতে ফ্লোৰিনাই বিচাৰক সকলৰ ওপৰি দৰ্শকৰো হৃদয় জয় কৰিছিল ।