সেনাত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা, আৰক্ষীৰ জালত ভুৱা সেনা বিষয়া

142

সেনাত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা, আৰক্ষীৰ জালত ভুৱা সেনা বিষয়া

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১০ অক্টোবৰঃ এইবাৰ চাকৰিৰ নামত যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ভুৱা সেনা বিষয়া । উত্তৰাখণ্ড আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে নিজকে সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দি অবৈধ কাৰ্যকলাপ কৰা এজনক গ্ৰেপ্তাৰ কৰা হয়।ভুৱা লেফটেনেণ্টজনক শচীন অৱস্থী বুলি চিনাক্ত কৰা হৈছে । বিশেষ টাস্ক ফৰ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কয় যে , তেওঁ সেনাৰ লেফটেনেণ্টৰ ইউনিফৰ্ম পিন্ধি আছিল । অনুসন্ধানত প্ৰকাশ পায় যে , সেনাৰ লেফটেনেণ্ট হোৱা অভিযুক্তজনে সেনাত যোগদানৰ ভাও ধৰি বহু যুৱকক প্ৰতাৰণা কৰি আহিছিল । খবৰ অনুসৰি , উত্তৰাখণ্ড বিশেষ টাস্ক ফৰ্চে অভিযুক্ত শচীন অৱস্থীৰ ঘৰত তালাচী চলায় । তালাচীত তেওঁৰ লেপটপত চাকৰিৰ সৈতে সম্পৰ্কিত বহুতো নকল নথিপত্ৰ পোৱা গৈছে । সেনাৰ ইউনিফৰ্ম,পৰিচয় পত্ৰ আৰু অন্যান্য সামগ্ৰীও উদ্ধাৰ কৰা হৈছে । বৰ্তমান অভিযুক্ত শচীন অৱস্থীক জেৰা কৰি আছে বিশেষ টাস্ক ফৰ্চে । বিশেষ টাস্ক ফৰ্চে জনোৱা অনুসৰি , শচীনক ভুৱা তাৰকা ইউনিফৰ্ম পিন্ধা , ভুৱা পৰিচয় পত্ৰ বনোৱা আৰু ডেৰাডুন আৰু ওচৰৰ সংবেদনশীল এলেকাবোৰত ঘূৰি ফুৰা বুলি খবৰ পোৱাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল । জেৰাত শচীনে স্বীকাৰ কৰে যে , তেওঁ সকলোকে এজন সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দিছিল আৰু বহুত যুৱক-যুৱতীক সেনাত চাকৰি দিম বুলি প্ৰৱঞ্চনা কৰিছিল । বহুতো যুৱক-যুৱতীক প্ৰতাৰণা কৰি ধন সংগ্ৰহ কৰিছিল । উল্লেখ্য যে , বিশেষ টাস্ক ফৰ্চৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি তেওঁ বহুতো যুৱকক ভুৱা যোগদান পত্ৰ প্ৰদান কৰিছিল । ইয়াৰ বিনিময়ত শচীন অৱস্থীয়ে যুৱক-যুৱতী সকলৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল ।