দেৰগাৱঁত ‘আপকু’ৰ শৰতৰ আবেলি , চাৰি গৰাকী কৃৰ্তী শিক্ষকক অভিনন্দন

199

দেৰগাৱঁত ‘আপকু’ৰ শৰতৰ আবেলি , চাৰি গৰাকী কৃৰ্তী শিক্ষকক অভিনন্দন

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১০ অক্টোবৰঃ আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু) দেৰগাওঁ মহকুমা সমিতিয়ে যোৱা ৯ অক্টোবৰত দেৰগাৱঁৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ প্ৰাংগনত ‘শৰতৰ আবেলি’ শীৰ্ষক এক মননশীল অনুষ্ঠান অনুষ্ঠিত কৰে । দুটা বছৰে কভিড মহামাৰীৰ সংহাৰে জুৰুলা কৰা জনতাক শাৰদীয় বতৰত এক সাংস্কৃতিক পৰিৱেশ দিবৰ বাবে সাংবাদিক সংগঠন আপকুয়ে অনুষ্ঠিত কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক-বুদ্ধিজীৱি অৰুণ গোস্বামীয়ে । অনুষ্ঠানৰ আৰম্ভণীতে দেৰগাৱঁৰ সু-গায়িকা ববিতা ভট্ৰাচাৰ্যই পৰিৱেশন কৰা সৰস্বতী বন্দনাই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে । গীত , কবিতা আৰু অভিনয়েৰে জীপাল হোৱা অনুষ্ঠানটোত উপস্থিত থকা আপকুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তী,গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাই,দেৰগাওঁ আপকু মহকুমা সমিতিৰ সভাপতি আবু আহমেদ,সম্পাদক কুমুদ বৰা, দেৰগাওঁ সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ভাস্কৰ জ্যোতি বৰদলৈ,সম্পাদক ইন্দুভূষণ মহন্ত, কাকডোঙা সাংবাদিক সন্থাৰ সম্পাদক ৰুবুল শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে দেৰগাওঁ আপকু মহকুমা সমিতিয়ে । সমাজপ্ৰাণ অতুল গোস্বামী, বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন সাংবাদিক মহেন হাজৰিকাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত গীত পৰিৱেশন কৰে লোক সংগীতৰ সাধক সনাতন গোৱালা, হিৰন্য পেগু, মৃগেন বৰা, কুমিজ হাজৰিকা, জীৱন দাস, ৰৌজ বৰবৰা, য়াচমিন চুলতানা, শুভাংশী ভৰদ্বাজ আৰু দীপক হাজৰিকাই । শাৰদীয় অনুষ্ঠানটো কবিতা পাঠেৰে জীপাল কৰে অভিনেতা শ্ৰীমন্ত মাধৱ দত্ত, দেৱব্ৰত শইকীয়া, প্ৰকাশ ৰঞ্জন বৰা, চিৰঞ্জীৱ বৰা, সৌমিত্ৰ গোস্বামী, গীতাৰ্থী ঠাকুৰ আৰু অংকুৰিতা ফুকনে । এই অনুষ্ঠানতে গোলাঘাট জিলাৰ কৃৰ্তী শিক্ষকৰ সন্মান প্ৰাপ্ত শিক্ষক বিচিত্ৰ ভূষন কলিতা, ড° দেৱজিৎ বৰুৱা, অজিত বৰা আৰু প্ৰদীপ বৰাক দেৰগাওঁ মহকুমা আপকুয়ে সম্বৰ্ধনা জ্ঞাপন কৰে । সুব্ৰত পৰাশৰে আতঁ ধৰা এই শাৰদীয় অনুষ্ঠানটোৱে দুৰ্গোসৎৱৰ প্ৰাকক্ষনত দেৰগাৱঁত সৃষ্টি কৰে এক সুস্থিৰ সাংস্কৃতিক পৰিৱেশৰ। অনুষ্ঠানটিৰ শেষত আপকু দেৰগাঁও মহকুমা সমিতিৰ সম্পাদক কুমুদ বৰাই শলাগৰ শৰাই আগবঢ়ায় ।