উপ নিৰ্বাচন , গোসাঁইগাঁৱত সাধাৰণ পৰ্যবেক্ষকৰ দায়িত্ব গ্ৰহণ , ১৩ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা

0
164

উপ নিৰ্বাচন , গোসাঁইগাঁৱত সাধাৰণ পৰ্যবেক্ষকৰ দায়িত্ব গ্ৰহণ , ১৩ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিজানুৰ ৰহমান, গোসাঁইগাঁও , ১১ অক্টোবৰ : ৰাজ্যৰ আন চাৰি সমষ্টিৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিধান সভা সমষ্টিতো নিৰ্বাচনী প্ৰক্ৰিয়া দ্ৰুত গতিত চলি আছে । ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টি নিৰ্বাচনী কাৰ্য সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক বিষয়া আৱানিশ কুমাৰক বিধান সভা সমষ্টিটোৰ সাধাৰণ পৰ্যাৱেক্ষক ৰূপে নিযুক্তি দিছে । আৱানিশ কুমাৰ সমষ্টিটোৰ সাধাৰণ পৰ্যাৱেক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি সোমবাৰে গোসাঁইগাঁওৰ মহকুমাধিপতি তথা গোসাঁইগাঁও নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া ৰাহুল কুমাৰ গুপ্তাক লগ ধৰে । সাধাৰণ পৰ্যৱেক্ষক গৰাকীয়ে মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাক লগ ধৰি সমষ্টিটোৰ বৰ্তমান প্ৰেক্ষাপট আৰু সমাগত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিতংকৈ বুজ লয় । পৰৱৰ্তী সময়ত মহকুমা প্ৰশাসনে সমাগত নিৰ্বাচন সম্পৰ্কে যিকোনো ধৰণৰ অভিযোগৰ বাবে সাধাৰণ পৰ্যৱেক্ষক গৰাকীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ ৯৩৯৪৪৯২৪০৪ নম্বৰটো সৰ্বসাধাৰণ ভোটাৰৰ বাবে মুকলি কৰে । আনহাতে , সোমবাৰে গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা ১৩ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ কৰি গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়াই সকলো মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে । উল্লেখ্য যে , বৈধ ঘোষিত যিকোনো প্ৰাৰ্থীয়ে অহা ১৬ অক্টোবৰৰ ভিতৰত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here