“লংকাকাণ্ড” বোলছবিৰ পোষ্টাৰ আৰু গীত মুকলি

211

“লংকাকাণ্ড” বোলছবিৰ পোষ্টাৰ আৰু গীত মুকলি

 

কুলদ্বীপ বৰ্মন
আৰ বি প্ৰডাকচনৰ বেনাৰত অসমৰ জাতীয় সমস্যাৰ ওপৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ বন্দে শীৰ্ষক প্ৰথমটো গীতৰ বিপুল জনপ্ৰিয়তাৰ পিছত কালি গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত ছৱিখনৰ বহু চৰ্চিত ৰেগেজ গেজ গীতটো মুক্তি দিয়া হয় । জাক জমকতাৰ মাজেৰে গীতটিৰ শুভমুক্তি দিয়ে সুগায়িকা কুইন দাস আৰু অজয় ফুকনে । লংকা কাণ্ড বোলছবিৰ বেনাৰ মুকলি কৰে-ডা: দন্দেশ্বৰ ডেকা , সুগায়িকা কুইন দাস আৰু অজয় ফুকনে । অনুষ্ঠানটিত ডা: দন্দেশ্বৰ ডেকা , সুগায়িকা কুইন দাস , ছবিখনৰ কাহিনী-চিত্ৰনাট্যকাৰ তথা পৰিচালক ৰজনী বৰ্মন(ৰাজ),আকাশদ্বীপ ডেকা , সুচিকিৎসক তথা অভিনেতা আলেখ্য বৰুৱা , অসীম গগৈ , গোবিন্দ চন্দ্ৰ বড়ো , অজয় ফুকন , টুনটুন শইকীয়া বৰ্মন , বাবলি বৰা , মুনমী ফুকন , জুন জুন বৰা , বিবেক বৰা , তপন শইকীয়া , ডিয়া বৰ্মন , শ্ৰেয়া বৰ্মন , পুষ্পাঞ্জলি পাঠক , সিদ্ধু ,ৰাহুল গৌতম শৰ্মা , মৃনাল বৈষ্ণৱ , সুদৰ্শন বৰকটকী , কুলদ্বীপ বৰ্মন , সাংস্কৃতিক কৰ্মী কুলদ্বীপ কাশ্যপ , ধৰ্ম থাপা , উজ্বল শৰ্মা বহুকেইৰাকী ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকে । ইতিমধ্যে জনপ্ৰিয় you-Tube চেনেল Dhwani Records ত ৰেগেজ গেজ গীতটো মুক্তি দিয়া হয় । গীতৰ সুৰ-মৃনাল বৈষ্ণৱ । সংগীত-শেখৰ জ্যোতি গোস্বামী লগতে গীতটিত কণ্ঠ নিগৰাইছে হাৰ্থ থ্ৰোব জুবিন গাৰ্গে । ভিডিঅ’ পৰিচালনা অসীম গগৈ । ভিডিঅ’ সহ পৰিচালনা দ্বীপ আৰু প্ৰশান্ত । ভিডিঅ’গ্ৰাফী-চনু ডেকা । সম্পাদনা -মনি ৰাজখোৱা । ডিজাইন শ্যামল দাস । দ্ৰৌন অপাৰেটৰ-জয়দ্বীপ । ৰূপ সজ্বা-নানু আৰু পম্পি । অনুষ্ঠানটিত ভাষন প্ৰসংগত পৰিচালক ৰজনী বৰ্মনে জনাই যে,’লংকা কাণ্ড’ এখন অসমৰ জাতীয় সমস্যাৰ ওপৰত নিৰ্মিত অসমীয়া ছবি , পূৰ্বতে অসমীয়া দৰ্শকে উপভোগ নকৰা এটা ব্যতিক্ৰম কাহিনীক লৈ ‘লংকাকাণ্ড’ নিৰ্মাণ কৰা হৈছে । পৰিবেশ আৰু পৰিস্থিতি সকলো স্বাভাবিক হৈ থাকিলে অহা মাঘ বিহুত ছবিখন ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব বুলি জানিবলৈ দিয়ে ।