দুখ মানুহৰ শ্ৰেষ্ঠ অনুভূতি , বিশিষ্ট সমাজকৰ্মী গুণেন্দ্ৰ কুমাৰ নাথৰ স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ “গুণাঞ্জলি” উন্মোচন

222

দুখ মানুহৰ শ্ৰেষ্ঠ অনুভূতি , বিশিষ্ট সমাজকৰ্মী গুণেন্দ্ৰ কুমাৰ নাথৰ স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ “গুণাঞ্জলি” উন্মোচন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৬ অক্টোবৰ ঃ দুখ মানুহৰ শ্ৰেষ্ঠ অনুভূতি ৷ কিন্তু সময় আৰু ইতিহাসে তাৰ প্ৰাবল্য কমাই আনিছে–আজি এই মন্তব্য আগবঢ়ায় মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই ৷ জিলা খনৰ চৰাইবাহী অঞ্চলৰ প্ৰয়াত শিক্ষক,বিশিষ্ট সমাজকৰ্মী গুণেন্দ্ৰ কুমাৰ নাথৰ স্মৃতিচাৰন সভাত উপস্থিত হৈ একালৰ সহকৰ্মী গৰাকীৰ স্মৃতি আজি ৰোমন্থন কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই প্ৰয়াত নাথৰ জীৱন আদৰ্শৰ ওপৰত বিস্তৃত আলোকপাত কৰে । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ৪ অক্টোবৰত ইহসংসাৰ ত্যাগ কৰা চৰাইবাহী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী,চৰাইবাহী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণেন্দ্ৰ কুমাৰ নাথৰ স্মৃতিত আজি তেওঁৰ চৰাইবাহী বৰভগীয়াস্থিত বাসভৱনত অনুষ্ঠিত হোৱা স্মৃতিচাৰন সভাত সভাপতিত্ব কৰে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমল বৰদলৈয়ে ৷ সাংবাদিক মানস নাথে আঁত ধৰা এই স্মৃতি চাৰন সভাৰ আৰম্ভণিতে প্ৰয়াত শিক্ষক গুণেন্দ্ৰ কুমাৰ নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত নাথৰ সখী তথা বিশিষ্ট সমাজসেৱক প্ৰদীপ বৰদলৈয়ে ৷ মাল্যাৰ্পণ আৰু পুস্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজ সেৱক ভোগেশ্বৰ নাথে ৷ চৰাইবাহী অঞ্চলৰ প্ৰায় শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা এই স্মৃতিচাৰন সভাতে সাংবাদিক মানস নাথৰ সম্পাদনাত প্ৰয়াত গুণেন্দ্ৰ কুমাৰ নাথৰ স্মৃতিত প্ৰকাশিত স্মৃতিগ্ৰন্থ “গুণাঞ্জলি” উন্মোচন কৰে অসম চৰকাৰৰ বস্ত্ৰ তাত হস্ত শিল্পৰ অৱসৰ প্ৰাপ্ত পঞ্জীয়ক দীন নাথে ৷